ছানী দেউলৰ সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হ'ব যুৱৰাজ সিং!

ছানী দেউলৰ সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হ'ব যুৱৰাজ সিং!

ডিজিটেল ডেস্কঃ বিজেপিত যোগদান কৰিব প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই বিজেপিত যোগদান কৰি নিৰ্বাচনী ৰাজনীতিতো খোজ পেলাব যুৱৰাজ সিঙে। প্ৰাপ্ত তথ্য অনুসৰি, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি লোকসভা নিৰ্বাচনৰ আগেয়েই বিজেপিত যোগদানৰ চিন্তা-চৰ্চা কৰিছে যুৱৰাজে।

ৰাষ্ট্ৰীয়সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, পাঞ্জাৱৰ গুৰুদাসপুৰ লোকসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। এতিয়ালৈকে এই খবৰৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নাই যুৱৰাজ সিঙে।

উল্লেখ নকৰি নোৱাৰি যে, পাঞ্জাৱৰ গুৰুদাসপুৰ লোকসভা সমষ্টিৰ পৰা পূৰ্বে নিৰ্বাচন খেলিছিল অভিনেতা ছানী দেউলে। শেহতীয়াকৈ অভিনেতা তথা সাংসদগৰাকীৰ সদনত দুৰ্বল ভূমিকাক লৈ সমষ্টিবাসী খুবেই ক্ষোভিত। সেয়েহে এই সমষ্টিত দুনাই নিৰ্বাচন নেখেলে ছানী দেউলে। সেয়ে এই সমষ্টিৰ পৰা এইবাৰ যুৱৰাজ সিঙক বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি চৰ্চা হৈছে।

ছানী দেউলৰ সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হ'ব যুৱৰাজ সিং!
আজি আহি আছে অসমলৈঃ মৰিয়নিৰ দুই কিশোৰীক উদ্ধাৰ কৰিলে পৰিয়ালৰ লোকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in