আজি আহি আছে অসমলৈঃ মৰিয়নিৰ দুই কিশোৰীক উদ্ধাৰ কৰিলে পৰিয়ালৰ লোকে...

উদ্ধাৰৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে তিলমানো সহায় নকৰাৰ অভিযোগ পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
আজি আহি আছে অসমলৈঃ মৰিয়নিৰ দুই কিশোৰীক উদ্ধাৰ কৰিলে পৰিয়ালৰ লোকে...

মৰিয়নিৰ দুই কিশোৰীক উদ্ধাৰ কৰিলে পৰিয়ালৰ লোকে...

ডিজিটেল ডেস্কঃ অৱশেষত অভিভাৱকৰ হাতত ধৰা দিলে মৰিয়নিৰ দুই নিৰুদ্দিষ্ট কিশোৰীয়ে। অভিভাৱকৰ সৈতে আজি জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে এই দুই কিশোৰী। অভিভাৱকে বহিঃৰাজ্যত উদ্ধাৰ কৰা এই দুই ছাত্ৰীক গুৱাহাটীতহে চমজি লব অসম আৰক্ষীয়ে।

Advertisment

এই কথা অভিভাৱকক জনাইছে মৰিয়নি আৰক্ষীয়ে। গুৱাহাটী ৰেল ষ্টেচনত দুই ছাত্ৰীক চমজি লব দিছপুৰ আৰক্ষীয়ে। আৰু দিছপুৰ আৰক্ষীৰ পৰা চমজি লব মৰিয়নি আৰক্ষীয়ে। বহিঃৰাজ্যত ছাত্ৰী দুগৰাকীৰ সম্ভেদ পায়ো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পৰিৱৰ্তে অভিভাৱকে উদ্ধাৰ কৰা কাৰ্যক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত।

উল্লেখ কৰা প্ৰয়োজন যে, মৰিয়নিৰ এই নিখোজ দুই ছাত্ৰীক বেংগালুৰুৰ পৰা আহি থকা অৱস্থাত বিহাৰত উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে। ছাত্ৰী দুগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত তিলমানো অসম আৰক্ষীয়ে সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

Also Read: কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰিহাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ...

জলপাইগুৰি অসম আৰক্ষী বিহাৰ মৰিয়নি