সুধাকণ্ঠৰ জন্মদিনত যুৱ মৰ্চাৰ চকু চিকিৎসা শিবিৰ

সুধাকণ্ঠৰ জন্মদিনত যুৱ মৰ্চাৰ চকু চিকিৎসা শিবিৰ

author-image
Asomiya Pratidin
New Update
সুধাকণ্ঠৰ জন্মদিনত যুৱ মৰ্চাৰ চকু চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ, মৰিয়নি: দেওবাৰে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ ৯৮সংখ্যক জন্ম দিৱস। সমগ্ৰ ৰাজ্যজুৰি সুধাকন্ঠগৰাকীৰ জন্মজয়ন্ত উপলক্ষে বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে। বিশ্ৰবিশ্ৰুত শিল্পীগৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা,উত্তৰ পূৱ তিতাবৰ মণ্ডলৰ উদ্যোগত লায়ন্স ক্লাৱৰ সহযোগত কাটনিপাৰত আজি এক বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়।

Advertisment

চকু চিকিৎসা শিবিৰত বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসকে চকুৰ ৰোগীসকলক চিকিৎসা প্ৰদান কৰে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ যোৰহাট‌ জিলা শিবিৰত উত্তৰ পূব তিতাবৰ মণ্ডল যুৱ মৰ্চাৰ সম্পাদক মৃদুল গগৈকে ধৰি যুৱ মৰ্চাৰ নেতা কৰ্মীসকল উপস্থিত থাকে।

Also Read: ৰঙাপৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

titabar