ৰঙাপৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

ৰঙাপৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাট: ৰঙাপৰাৰ কঠালজুলিত উদ্ধাৰ হয় এটি বন্যহস্তীৰ মৃতদেহ৷ কঠালজুলিৰ এখন বাগিচাৰ মাজত উদ্ধাৰ হয় প্ৰায় ১৫/১৮ বছৰীয়া দতাল হাতীৰ(মতা) মৃতদেহ ৷ দেওবাৰে পুৱা বাগিচাখনৰ স্বতাধিকাৰে বন্যহস্তীটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷

পাছত চাৰিদুৱাৰ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হয় কঠালজুলিত৷ বন্যহস্তীটোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিহ্ন নথকাৰ বাবে বনবিভাগ বন্যহস্তীটোৰ বিষক্ৰিয়া হোৱাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৷

ইতিমধ্যে চিকিৎসকৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈছে৷ বন বিভাগে মৃত বন্যহস্তীটো উক্ত স্থানতে পুতি পোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বন্যহস্তীটোৰ মৰোনত্তৰ পৰীক্ষাৰ পাছত হে মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

ৰঙাপৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ
চাপৰৰ শালকোচাত নাথ যোগীৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in