ৰূপ দেখি ভোল নাযাব! এজনৰ পৰা লুটিলে ৮০ লাখ...

''ৰূপে কি কৰে গুণেহে সংসাৰ তৰে''। বহু সময়ত একাংশ সুন্দৰী যুৱতীয়ে প্ৰৱঞ্চনাৰ জালত পেলাই একাংশক। বহু লোকে যাৰ বাবে কেতিয়াবা হেৰুয়াবা লগা হয় টকা-পইচাৰ পৰা আৰম্ভ কৰি সকলো।
ৰূপ দেখি ভোল নাযাব! এজনৰ পৰা লুটিলে ৮০ লাখ...

ডিজিটেল ডেস্ক: ''ৰূপে কি কৰে গুণেহে সংসাৰ তৰে''। বহু সময়ত একাংশ সুন্দৰী যুৱতীয়ে প্ৰৱঞ্চনাৰ জালত পেলাই একাংশক। বহু লোকে যাৰ বাবে কেতিয়াবা হেৰুয়াবা লগা হয় টকা-পইচাৰ পৰা আৰম্ভ কৰি সকলো।

এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে গুৰুগ্ৰামত।গুৰুগ্ৰাম আৰক্ষীৰ জালত পৰিছে নামৰা কাদিৰ নামৰ এগৰাকী ইউটিউবাৰ।তেওঁক ইতিমধ্যে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

নামৰা কাদিৰ এগৰাকী ইউটিউবাৰ। সুন্দৰী যুৱতী গৰাকীৰ ৬ লাখতকৈ অধিক ফলোৱাৰ্চ আছে। কিন্তু অভিযোগ উত্থাপন হৈছে যে যুৱতী গৰাকীয়ে প্ৰৱঞ্চনাৰে বহুতৰে ধন লুটিছে।

কেৱল ইমানেই নহয় নিজৰ স্বামীৰ সৈতে মিলি তেওঁ এজনৰ পৰা টকা দাবী কৰে আৰু টকা নিদিলে ধৰ্ষণৰ গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰে। এই ভাবুকি প্ৰদান কৰি ভুক্তভোগীৰ পৰা সুন্দৰী যুৱতীয়ে প্ৰায় ৮০ লাখ টকা সৰকাই। তাৰ পাছত ভুক্তভোগীয়ে ২৪ নৱেম্বৰত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, ভুক্তভোগীয়ে বিজ্ঞাপনৰ কামৰ সংক্ৰান্তত ভুক্তভোগীয়ে ইউটিউবাৰ গৰাকীক সাক্ষাত কৰিছিল। আনকি কামৰ বাবদো টকা লৈছিল সুন্দৰী গৰাকীয়ে।

এদিন ইউটিউবাৰ গৰাকীয়ে ভুক্তভোগীৰ লগত পাৰ্টী কৰিবলৈ গৈছিল আৰু তেওঁক সুৰাপান কৰাইছিল। সুৰাপান কৰাৰ পাছত জ্ঞান হেৰুৱাই পেলাইছিল আৰু তাৰ পাছদিনা হোটেলৰ কোঠাত নিজক উদ্ধাৰ কৰিছিল। এই ঘটনাৰ পাছত তেওঁক ব্লেকমেইল কৰা আৰম্ভ কৰিছিল যুৱতী গৰাকীয়ে।

আৰু পঢ়ক: UPSC মেইনচ পৰীক্ষাৰ ফলাফল ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in