/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/upsc.jpg)
ডিজিটেল ডেস্ক: মঙলবাৰে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগ পৰীক্ষা(upsc) (মুখ্য)ৰ ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট upsc.gov.in ফলাফল চাব পাৰে। ইউপিএছচি (মুখ্য) পৰীক্ষা ২০২২ ৰ কাট অফ সোনকালেই প্ৰকাশ কৰা হ’ব।
ইউপিএছচি চিভিল চাৰ্ভিছ মেইন ২০২২ ত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক এতিয়া সাক্ষাৎকাৰ পৰ্যায়ৰ বাবে মতা হ’ব। সাক্ষাৎকাৰৰ তাৰিখ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই।
এই পৰীক্ষাৰ জৰিয়তে ৮৬১ টা পদ পূৰণ কৰা হ'ব। ইয়াৰে ৩৪ টা পদ PWDB শ্ৰেণীৰ বাবে সুৰক্ষিত। ১৬,১৭,১৮,২৪ আৰু ২৫ ছেপ্টেম্বৰত দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল এই পৰীক্ষা ।
আৰু পঢ়ক: ৰহস্য ফাদিল! প্ৰেমজনিত কাৰণত আত্মহত্যা কৰিছিল মেধাৱী ছাত্ৰী গৰাকীয়ে