৯ দিনে নিৰুদ্দেশ জাজৰিৰ যুৱকঃ পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ...

৯ দিনে নিৰুদ্দেশ জাজৰিৰ যুৱকঃ পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ...
৯ দিনে নিৰুদ্দেশ জাজৰিৰ যুৱকঃ পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৯ দিন ধৰি নিৰুদ্দেশ হৈ আছে জাজৰিৰ উদিয়মান যুৱক চাহিদ মুখাৰিজ। হাইদৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত চাহিনক লগত যোৱা ৫ ডিচেম্বৰৰ পৰা যোগাযোগ বিচিন্ন হৈ আছে পিতৃ-মাতৃ আৰু পৰিয়ালৰ।

বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত তথা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জাজৰি মোলান কামোৰা গাঁৱৰ আব্দুল মুকিব আৰু চাহিৰুন নিচাৰ জ্যেষ্ঠ পুত্র চাহিল হাইদৰাবাদৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। যোৱা ৫ ডিচেম্বৰত অসমলৈ বিশেষ কামত আহিছিল যদিও গুৱাহাটীৰ পৰাই পুনৰ কৰ্মস্থানলৈ ঘূৰি যোৱাৰ কথা ফোন যোগে পৰিয়ালক জনাইছিল।

সেয়াই আছিল শেষ যোগাযোগ। তাৰ পিছৰ পৰা কোনোধৰণৰ যোগাযোগ নাপাই পৰিয়াল আৰু পিতৃ-মাতৃ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে মিকিৰভেটা আৰক্ষী থানাৰ সহায় বিচাৰিছে পৰিয়ালটিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in