মূৰে কপালে হাত দিছে কৃষকে ! পানীৰ অভাবত শুকাই আহিছে ৰবি শস্য...

মূৰে কপালে হাত দিছে কৃষকে ! পানীৰ অভাবত শুকাই আহিছে ৰবি শস্য...
মূৰে কপালে হাত দিছে কৃষকে ! পানীৰ অভাবত শুকাই আহিছে ৰবি শস্য...

ডিজিটেল সংবাদ বান্দৰদেৱাঃ ৰাজ্যত অব্যাহত থকা তীব্ৰ খৰাংজনিত পৰিস্থিতিত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে ৰবি শস্যৰ কৃষক সকলে। বিশেষকৈ তিল, মাটিমাহ, সৰিয়হ ইত্যাদি শস্যৰ খেতিলৈ পানীৰ অভাবত সম্প্ৰতি নামি আহিছে তীব্ৰ সংকট।

এনে পৰিস্থিতি অব্যাহত থাকিলে ফছল উৎপাদনত যে এইসকল কৃষক এইবাৰ তীব্ৰ লোকচানৰ সন্মুখীন হ'ব সেয়া নিশ্চিত। ৰাজ্যৰ আনবোৰ ঠাইৰ সমান্তৰালভাবে বান্দৰদেৱাৰ সমীপৰ লেটেকুপুখুৰী-শ্ৰীভূঞা অঞ্চলৰ একাংশ যুৱকৰ সমন্বিত প্ৰচেষ্টাত গঢ়ি তোলা আদৰ্শ কৃষক গোটটোৱে প্ৰায় ২৫ বিঘা মাটিত মাটিমাহ, চাৰিবিঘা মাটিত তিল, আৰু পঞ্চাশ বিঘাত সৰিয়হৰ খেতি কৰিছিল।

কিন্তু বৰষুণৰ অভাবত খেতি পথাৰৰ ফছল এতিয়া প্ৰায় শুকাই যোৱাৰ দৰে অৱস্থা হৈছে। কেৱল জলসিঞ্চনৰ ব্যৱস্থাৰ অভাবত এতিয়াও কৃষকে বতৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকা ব্যৱস্থাৰ ফলশ্ৰুতিত কৃষকসকলে বছৰি লোকচানৰ ওপৰত লোকচানকেই ভৰি থাকিবলগীয়া হৈছে।

কৃষি বিভাগৰ এনে অদূৰদৰ্শী কাৰ্যৰ ফলত ৰাজ্যত কিমান কৃষক যে আশাহত হৈ পৰিছে সেয়া বিভাগটোৰ দৰমহা খোৱা বিষয়া কৰ্মচাৰীয়ে কেতিয়াবা উপলব্ধি কৰিব পাৰিবনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in