কামপুৰত বিধৱা মহিলাক ধৰ্ষণঃ অভিযুক্তক আটক...

কামপুৰত বিধৱা মহিলাক ধৰ্ষণঃ অভিযুক্তক আটক
কামপুৰত বিধৱা মহিলাক ধৰ্ষণঃ অভিযুক্তক আটক

ডিজিটেল ডেস্কঃ কামপুৰৰ ৰজাগাঁৱত সংঘটিত হৈছে এক ধৰ্ষণৰ ঘটনা। এজন যুৱকৰ বিৰুদ্ধে এগৰাকী বিধৱা মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকজনৰ নাম পিণ্টু বিশ্বাস। জানিব পৰা মতে ৰজাগাঁৱৰ এজন লোকৰ ঘৰত বনকৰা কামত নিয়োজিত আছিল ভুক্তভোগী মহিলাগৰাকী।

দিনটোৰ কাম শেষ কৰি স্ব-গৃহলৈ উভতাৰ পথতে পথৰ কাষৰ জংঘলত পিণ্টু নামৰ যুৱকজনে সংঘটিত কৰে এই দুষ্কাৰ্য। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰিছে অভিযোগ। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছে পিণ্টুক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in