আৰ্থিক অনাটনৰ সন্মুখীন হোৱা ৰোগীয়া লোকৰ আত্মহত্যা...

আৰ্থিক অনাটনৰ সন্মুখীন হোৱা ৰোগীয়া লোকৰ আত্মহত্যা
আৰ্থিক অনাটনৰ সন্মুখীন হোৱা ৰোগীয়া লোকৰ আত্মহত্যা

ডিজিটল সংবাদ দুমুনিচকী: বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শমেলিবাৰী গাঁৱৰ এজন লোকে ডিঙিত ছিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা লোকজন গাওঁখনৰ ছাহজাহান আলী (৫০) বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে, ছাহজাহানে দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপৰ লগতে বৃক্কৰ ৰোগত ভোগী আছিল। পেছাত ৰঙমিস্ত্ৰীৰ কাম কৰা ছাহজাহানে ৰোগত আক্ৰান্ত হৈ থকাৰ উপৰিও আৰ্থিক অনাটনৰ মাজেৰে দিন পাৰ কৰিব লগীয়া হয়।

যাৰ ফলত কেইদিনমান পূৰ্বৰ পৰা তীব্ৰ মানসিক চাপত ভোগা ছাহজাহানে আলীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। আজি সন্ধিয়া ছাহজাহনৰ বাসগৃহৰ সমীপত থকা এদাল ঔটেঙা গছত ডিঙিত ছিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰি প্ৰতিবেশী পৰিয়ালৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।

স্থানীয় লোকে ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীক অবগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও পিছত দণ্ডাধীশৰ উপস্থিতিত নিশা প্ৰায় ৬ বজাত ছাহজাহানৰ মৃতদেহ নমোৱাৰ ব্যৱস্থা কৰে। কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাহজাহানৰ মৃতদেহ সম্প্ৰতি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in