/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/960f7382-9a48-4118-9e4f-f78cdc9aa939/4.jpg)
ডিজিটেল সংবাদ,চিৰাং : চিৰাঙ জিলাৰ কাকৰাগাঁও - ৰাভাপাৰাৰ কুজীয়া নৈৰ কাঠৰ দলঙত বৃহস্পতিবাৰে বিয়লিৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ কুজীয়া নৈৰ জৰাজীৰ্ণ কাঠৰ দলং পাৰ কৰিব গৈ আকস্মিকভাৱে স্কুটিসহ পানীত পৰি সন্ধানহীন হয় এগৰাকী যুৱতী ৷
সৌভাগ্যক্ৰমে উক্ত দুৰ্ঘটনাত যুৱতীগৰাকীৰ স্কুটিৰ পিছপিনে বহি থকা এটি কণমানি শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে । পিছত স্থানীয় লোকে আহত অৱস্থাত শিশুটিক উদ্ধাৰ কৰে ৷ যুৱতী গৰাকীক শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ জানমনি ৰাভা (১৮) বুলি চিনাক্ত কৰা হৈছে ৷
ইপিনে কথমপি প্ৰাণ ৰক্ষা হোৱা শিশুটিক বিদিশা ৰাভা (২) বুলি চিনাক্ত কৰা হৈছে ৷ আহত কণমাণি বিদিশা ৰাভাক বিদ্যাপুৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
উক্ত জৰাজীৰ্ণ কাঠৰ দলঙৰ এই শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাভাপাৰা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় লোকে এই দুৰ্ঘটনা সন্দৰ্ভত ডাংতল আৰক্ষী চকীত খবৰ দিয়াৰ পিছত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ দল আৰু ৰাজ্যিক জৰুৰীকালীন দুৰ্যোগ ব্যৱস্থাপনা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ৰবৰ নাৱেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।