/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c7c4174a-3911-4348-b498-32a799c88b49/3.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: হৰেকৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটীৰ সৌজন্যত আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত মঙলদৈ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে দৰঙৰ একাংশ বন্যাৰ্তৰ মাজত বান সাহাৰ্য বিতৰণ কৰা হয়। প্ৰথম অৱস্থাত সমাজ সেৱক প্ৰাণজিৎ শইকীয়াৰ তত্বাৱধানত জিলাৰ প্ৰায় অৰ্ধশতাধিক বানপিড়ীতক চাউল, দালি, মিঠাতেল, আলু, চয়াবিন আৰু বিস্কুটৰ পেকেট সহ একোটাকৈ সাহায্যৰ টোপোলা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5335905f-3af1-4de8-90c1-1cba9416691b/ea3c9474-a4a6-4684-acff-698d5f06b5cf.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a6fa6aa0-00ca-4cff-8437-e39f2935c30d/d03cc854-3a8a-4377-9df9-fbfc4c4bf338.jpg)
জিলাখনৰ মঙলদৈ, ছিপাঝাৰ ৰাজহ চক্ৰত শেহতীয়া বানে ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে। বানপানীৰ সময়ত মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্যসকলে বিভিন্ন অঞ্চললৈ গৈ বাতৰি সংগ্ৰহ কৰাৰ লগতে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/08213e62-b328-4352-ac00-5caea88885ae/aad80951-b724-4226-b70b-da4720fb021b.jpg)
প্ৰেছ ক্লাৱৰ অনুৰোধ মতেই উত্তৰ গুৱাহাটীৰ হৰেকৃষ্ণ মন্দিৰ তৰফৰ পৰা এই সাহাৰ্য আগবঢ়োৱা হয়। প্ৰেছ ক্লাৱৰ সম্পাদক লক্ষী নন্দন কলিতাই আঁতধৰা সাহাৰ্য বিতৰণ অনুষ্ঠানত প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্যসকলে সহযোগ কৰে। হিতাধিকাৰীসকলে এই সাহাৰ্য গ্ৰহণ কৰি হৰেকৃষ্ণ মন্দিৰ আৰু প্ৰেছ ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে।
Also Read: জাগীৰোডত জব্দ ইউৰিয়া ভৰ্তি ট্ৰাক...