/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/458d3894-3c61-4911-a94a-be85fa17e83b/7.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ২ নং বৰদিকৰাই গাঁৱৰ ছত্ৰ বচনেট নামৰ যুৱ কৃষক জনে ২ বিঘা মাটিত ড্ৰেগন ফল (Dragon Fruits) ৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে।
যিটো সময়ত অসমৰ একাংশ নিবনুৱা যুৱকে মাদ্ৰাজ, বোম্বাই, বাংগালোৰ, কেৰেলা আদি বহিঃ ৰাজ্যত গৈ কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাইছে ৷ আন একাংশই পৰিয়ালৰ পৰা আঁতৰি কেইটামান টকাৰ বিনিময়ত বহিঃৰাজ্যৰ কোম্পানীৰ চাকৰিত নিয়োজিত হৈ আকস্মিক দুৰ্ঘটনাৰ বলি হৈ আকাল মৃত্যুক সাৱটিব লগা হৈছে।
তেনে সময়ত জামুগুৰিহাটৰ ২ নং বৰদিকৰাইৰ গাঁৱৰ শিক্ষিত নিবনুৱা যুৱক ছত্ৰ বচনেটে পৰিয়ালৰ সৈতে নিজ গৃহতে থাকি পৰিত্যক্ত ভূমিত এনেদৰে কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ পথ বাছি লোৱা বিষয়টো সম্প্ৰতি বিশেষ চৰ্চালৈ আহিছে ৷
ছত্ৰ বচনেটে প্ৰথম পৰ্য্যায়ত দুই বছৰ পূৰ্বে আৰম্ভ কৰা ডেৰ বিঘা মাটিৰ ড্ৰেগন ফলৰ খেতি বৰ্তমান দুই বিঘালৈ সম্প্ৰসাৰণ কৰিছে ৷ উৎপাদিত ড্ৰেগন ফল সমূহ পাইকাৰী হাৰত প্ৰতি কেজি ২০০ টকা দৰত বিক্ৰী কৰি তেওঁ ইতিমধ্যে প্ৰায় ২ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
এনেদৰেই কৃষিকৰ্মৰ জৰিয়তে উৎপাদিত উন্নত প্ৰজাতিৰ ড্ৰেগন ফল সমূহ বিক্ৰী কৰি চলিত বৰ্ষৰ ভিতৰতে প্ৰায় ১৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হব বুলি আশা কৰিছে বচনেটে৷ বৰ্তমান বজাৰত বিশেষ চাহিদা লাভ কৰা ঔষধি গুণ যুক্ত এই উন্নত প্ৰজাতিৰ ড্ৰেগন ফল সেৱন কৰি বহু সংখ্যক ৰোগাক্ৰান্ত লোকে বিভিন্ন ৰোগৰ পৰা উপশম লাভ কৰিছে বুলিও জানিবলৈ দিছে যুৱ কৃষক গৰাকীয়ে৷
কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা ছত্ৰ বচনেট বৰ্তমান আন বহুজন নিবনুৱা যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে । ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা বিৰত থাকি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ড্ৰেগন ফলৰ খেতি কৰি যথেষ্ট লাভাম্বিত হোৱা ছত্ৰ বচনেটে বৰ্তমান এই খেতি প্ৰায় পাঁচ বিঘালৈ সম্প্ৰসাৰণত ব্যস্ত হৈ পৰিছে।
Also Read: কন্দলী চাহ বাগিছাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ