কন্দলী চাহ বাগিছাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ

কন্দলী চাহ বাগিছাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ

author-image
Asomiya Pratidin
New Update
কন্দলী চাহ বাগিছাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ

ডিজিটেল সেৱা,কঠীয়াতলী: নগাঁও জিলাৰ কন্দলী চাহ বাগিছাৰ এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহক লৈ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে ৷ মৃত যুৱক জন কমল দেউৰি বুলি জানিব পৰা গৈছে।

গছৰ মিহি ডাল এটাত মাটিত বহি চিপ লৈ থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ছোৱালী জোকোৱাক লৈ দুজন লোকে যুৱক জনক হত্যা কৰা বুলি অভিযোগ কৰিছে একাংশই ৷

জানিব পৰা মতে, বুধবাৰে ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰিছিল চাহ বাগানৰে দুজন লোকে ৷ বাগানৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা পাছত কমল দেউৰিক ঘৰলৈ পঠিয়াই যদিও পৰৱৰ্তী সময়ত দেউৰীৰ মৃতদেহ বাগানৰ মাজত উদ্ধাৰ হয় ৷

যুৱক জনৰ পৰিয়ালৰ অভিযোগ হত্যা কৰি পেলাই থৈছে কমল দেউৰীক৷ পূৰ্বতেও হত্যাকাণ্ডৰ ঘটনাত দুই অভিযুক্ত জড়িত থকা বুলি একাংশই জানিব দিয়ে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷

Also Read: চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ ইহলীলা সম্বৰণ

Kathiyatoli kondoli tee estate