হাওৰাঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন...

হাওৰাঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন...

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰতো শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। হাওৰাঘাটৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত আৰু প্ৰাংগণত দুয়ো ঠাইতে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন আৰু হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু হাওৰাঘাটৰ বহু বিশিষ্ট লোকে এই যোগ দিৱসত অংশগ্ৰহণ কৰে ।

Advertisment

এই যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যোগ ব্যায়াম কৰে কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ই । তেওঁ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোগ দিৱসৰ তাৎপৰ্য আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে মূল্যবান মন্তব্য আগবঢ়ায় ।

Also Read: ধেমাজিত উদযাপিত যোগ দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ...

hauraghat International Yoga Day