/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/93790171-ff37-4f72-a7e8-01fff005d04d/8.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে ধেমাজিটো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত কোলাপথাৰস্থিত ইণ্ডোৰ ষ্টেডিয়ামত ১০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ পুৱা ৬ বজাৰ ১০বজাৰলৈকে অনুষ্ঠিত হোৱা অনুষ্ঠানত এগছি বন্তি প্ৰজ্বলেনেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/46c59699-455b-49f4-b295-fa6fba52c8c6/cc9ff454-70da-4642-8820-e7e9a730c94d.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bdb12c47-ccd4-46b0-ad0e-f6af9148d244/fa4fe414-f517-4f9f-b5be-9529d9caea5c.jpg)
অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ যোগ দিৱসত লখিমপুৰ লোকসভা সাংসদ প্ৰদান বৰুৱা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতোপন নেওঁগে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/aa28cf83-b9bf-426d-961e-fe30a239f388/18bec9db-44cd-4e49-8785-285fbd6242c4.jpg)
ইয়াৰ লগতে জিলা অতিৰিক্ত আয়ুক্ত দ্বয় ডঃ সঞ্জীৱ কুমাৰ ফুকন আৰু ঋতুপল্লৱ বৰুৱা, ধেমাজি সদৰ মহকুমাধিপতি নন্দিতা ৰয় গোহাঁই,সহকাৰী আয়ুক্ত ক্ৰমে জলি দাস,সীমা দেৱী ইয়েন,গুনমনি বৰুৱা, প্ৰীতিৰেখা গগৈৰ লগতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কুলেন চন্দ্ৰ গোহাঁই, ধেমাজি, গোগামুখ আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ বিষয়া ক্ৰমে মনালী প্ৰসাদ ৰজক, ডিম্পী ভট্টাচাৰ্য, আৰু চিন্ময় নেওগ ৰ উপৰিও জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী ৰাইজ আৰু ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ ইফালে চলিত মাহৰ যোৱা ১৬ জুনত জিলা প্ৰশাসন আৰু জিলা যোগাসন ক্ৰীয়া সংস্থাই অনুষ্ঠিত কৰা যোগ প্ৰতিযোগিতাৰ বিজয়ীসকলক এই অনুষ্ঠানতে পুৰষ্কাৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f3d12e2f-d1cf-48a2-ad2e-c1a753692f13/7e2b1b30-5d5f-4f69-9638-e2b2904dbd8f.jpg)