প্ৰসংগ- পৃথক বৰাক লেণ্ড! গৰম বতাহ বলিছে ৰাজনীতিত

প্ৰসংগ- পৃথক বৰাক লেণ্ড! গৰম বতাহ বলিছে ৰাজনীতিত

ডিজিটেল ডেস্কঃ এইবাৰ "বৰাক লেণ্ড" বিষয়কলৈ তোলপাৰ লাগিছে ৰাজ্য। প্ৰশ্ন উত্থাপন হৈছে গঠন হ'ব নেকি "বৰাক লেণ্ড" ? কোনে বিচাৰিছে এই "বৰাক লেণ্ড"; কিমানে সমৰ্থন কৰে "বৰাক লেণ্ড"ক। খোদ মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাবে সমৰ্থন কৰাৰ পাছতো মুখ্যমন্ত্ৰীৰ বিপক্ষে থিয় দিলে নেকি বৰাকৰ বিজেপিয়ে!

শেহতীয়াকৈ বৰাক ভেলীৰ ৰাজনীতি গৰম কৰিছে এই "বৰাক লেণ্ড" বিষয়টোৱে। উল্লেখ্য যে, দুদিন পূৰ্বে বৰাক ভ্ৰমণৰ উদ্দেশ্যেৰে যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত খুব কৌশলেৰে ব্যক্ত কৰিছিল যে- বৰাকবাসীয়ে বিচাৰিলে বড়োলেণ্ড আৰ্হিত বৰাকৰ পৃথকীকৰণ কৰাত আপত্তি নাই। কিন্তু মুখ্যমন্ত্ৰী হিচাপে উপত্যকাটো অসমৰ সৈতে থকাটো বিচাৰে তেওঁ।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ব্যক্তব্যৰ পাছতেই তোলপাৰ লাগে বৰাক ভেলী। তেওঁ এই ব্যক্তব্য প্ৰদান কৰা ঠিক এদিনৰ পাছতে বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টে (বিডিএফ) মুখ্যমন্ত্ৰীয়ে পৃথকীকৰণৰ প্ৰতি কৰা এনে পৰোক্ষ সমৰ্থনক আদৰণি জনাই সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে বিভিন্ন ৰাজনৈতিক কথাৰ উৰ্দ্ধৃতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ প্ৰতি আশাসূচক ভাৱ প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে।

পিছে ইমানতে ওৰ পৰা নাই এই প্ৰসংগ। মুখ্যমন্ত্ৰীৰ মন্তব্যক তল পেলাই দেওবাৰে বৰাকত বৰাক বিজেপিয়ে সংবাদমেল সম্বোধন কৰি বিৰোধীতা কৰিলে পৃথক বৰাক লেণ্ডৰ। বিৰোধীৰ‌ সমালোচনাৰ বৰাক বিজেপিৰ মন্তব্য পৃথক বৰাক লেণ্ড দাবী কৰা শক্তিয়ে সমগ্ৰ বৰাক উপত্যকাক "ইছলামিক ৰাজ্য" গঠনৰ গভীৰ ষড়যন্ত্ৰ কৰিছে। কাছাৰ বিজেপিৰ কাৰ্যকালত আয়োজিত সংবাদমেলখনত এই গুৰুতৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সম্পাদক কনাদ পুৰকায়স্থ, মিডিয়া পেনেলিষ্ট বিশ্বৰূপ ভট্টাচাৰ্য্য আৰু কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ৰ।

কনাদ পুৰকায়স্থৰ অভিযোগ, এসময়ত ম: ছৈয়দ ছাদুল্লা আৰু মৌলানা বাচানিয়ে অসম আৰু পশ্চিম বংগৰ একোটা বৃহৎ অংশলৈ পাকিস্তানৰ লগত চামিল কৰিব বিচাৰিছিল। সেই ছাদুল্লা আৰু মৌলানা বাচানিৰ সপোন পূৰণ কৰিবলৈয়ে বৰ্তমান মুষ্টিমেয় কেইজনমান লোকে পৃথক বৰাক লেণ্ড দাবী কৰি বৃহত্তৰ "ইছলামিক ৰাজ্য" গঠনৰ গভীৰ ষড়যন্ত্ৰ কৰিছে।

এই মুখ্যমন্ত্ৰী, বিৰোধী তথা বৰাক বিজেপিৰ এই তিনিকোণীয়া মন্তব্য পিছতেই এক প্ৰকাৰে বিভ্ৰান্তিত পৰিছে বৰাকবাসীৰ লগতে ৰাজ্যবাসী। প্ৰকৃততে কি বিচাৰে শাসনাধীস্থ চৰকাৰে সেয়া লৈয়ো প্ৰশ্ন একাংশৰ। লগতে প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্যক গুৰুত্ব প্ৰদান নকৰে নেকি খোদ দলীয় নেতা-কৰ্মীয়ে। আনহাতে প্ৰকৃততে বিৰোধীৰ স্থিতি কি বা উদ্দেশ্য কি তাক লৈয়ো চিন্তিত আন একাংশ। সঁচাকৈয়ে ইছলামিক ৰাজ্যহে তেওঁলোকৰ গোপন ইচ্ছা নেকি!

পিছে এই সন্দৰ্ভত বৰাকবাসীয়ে কি বিচাৰে সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। বৰাক লেণ্ড বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিতে তোলপাৰ লগোৱাৰ পিছত বৰাকবাসী গণভোটৰ সন্মুখীন হ'ব সেয়া পৰৱৰ্তী পৰ্যায়ত লক্ষণীয়া হ'ব।

প্ৰসংগ- পৃথক বৰাক লেণ্ড! গৰম বতাহ বলিছে ৰাজনীতিত
ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগত বোকা ভাওনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in