ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগত বোকা ভাওনা

ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগত বোকা ভাওনা

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা “বোকা ভাওনা” দেওবাৰে হৰ্ষোৎল্লাহৰ মাজেৰে অনুষ্ঠিত হৈ যায় ৷ গাঁওখনত নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক আকৰ্ষণীয় অনুষ্ঠান৷

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশীৰ দিনটোত প্ৰতিবছৰে উলহ-মালহেৰে নন্দোৎসৱ পতা হয় ৷ পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচীত গাঁৱৰ সকলো ৰাইজে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত নাম প্ৰসঙ্গ আৰু প্ৰসাদ-ভোগ বিতৰণ কৰা হয় ৷ বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা ঠাইখনত এটা প্ৰকাণ্ড পুখুৰী সদৃশ খাল খান্দি তাত পানী ঢালি বোকাময় কৰি লয় আৰু তাৰ চাৰিওফালে বোকা ভাওনাত অংশগ্ৰহণ কৰা পুৰুষসকলে শাৰীপাতি বহি নাম প্ৰসঙ্গ কৰে ৷

তাৰপাছত অংশগ্ৰহণকাৰী ভক্তবৃন্দই আনন্দ মনেৰে বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেলে আৰু ইজনে সিজনলৈ বোকা চটিয়াই আনন্দ প্ৰকাশ কৰে ৷ বোকা ভাওনাৰ অন্তত অংশগ্ৰহণকাৰীসকলে পুনৰ স্নান কৰি নামঘৰত নাম প্ৰসঙ্গ কৰি দিনজোৰা কাৰ্যসূচীৰ সামৰণি মাৰে আৰু দৰ্শনাৰ্থী ভক্তবৃন্দই মিটিকাৰে গোঁসাইঘৰত ফোঁট ল’বলৈ বোকা সংগ্ৰহ কৰা পৰিলক্ষিত হয়৷

ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগত বোকা ভাওনা
গৌৰী বল্লভ গোস্বামীৰ "শিশু সাহিত্য" শীৰ্ষক গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in