আজি বিশ্ব পৰ্যটন দিৱস

আজি বিশ্ব পৰ্যটন দিৱস

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ বিশ্বই পালন কৰিব পৰ্যটন দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি এক গোট কৰাৰ উদ্দেশ্যৰে তথা নিজ নিজ সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস।

সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰিব পৰ্যটন বিভাগ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে। অসমৰ পৰ্যটন ক্ষেত্ৰখনক এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চৰকাৰে নতুন ভূমিকা লৈ আজিৰ দিনটোত সু-খবৰ দিয়াৰ সম্ভাৱনা আছে।

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্বৰ আগত দাঙি ধৰি ইয়াৰ জৰিয়তে যুৱপ্ৰজন্ম স্বাৱলম্বী হ'বলৈও পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। আনহাতে টুৰিষ্ট গাইড এজেঞ্চিবোৰেই বুধবাৰৰ দিনটো দিৱসটিৰ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব।

আজি বিশ্ব পৰ্যটন দিৱস
কাছাৰৰ বাংলাদেশ সীমান্তত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ, আটক মহিলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in