কাছাৰৰ বাংলাদেশ সীমান্তত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ, আটক মহিলা

কাছাৰৰ বাংলাদেশ সীমান্তত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ, আটক মহিলা

ডিজিটেল সংবাদ,শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে মঙলবাৰে বৃহৎ সফলতা লাভ কৰিছে। বাংলাদেশ সীমান্তৰ কাটিগৰাৰ নাথানপুৰত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত কালাইন আৰক্ষী, অসম ৰাইফলছ আৰু চি আৰ পি ৰ‌ ১৪৭ নম্বৰ বেটেলিয়নে যুটীয়া অভিযান চলাই এগৰাকী মহিলাৰ পৰা ১৬টা ব্রাউন চুগাৰৰ পেকেট জব্দ কৰে।

জব্দ কৰা ব্ৰাউন চুগাৰৰ‌ ওজন প্ৰায় ১৯০ গ্রাম। যাৰ বজাৰ মূল্য কেইবা কোটি টকা। নাথানপুৰৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আলফাজ উদ্দিন আৰু তেওঁৰ পত্নী হাছনা বেগমৰ ঘৰত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ মজুত ৰখাৰ তথ্য লাভ কৰিছিল কালাইন থানাৰ আৰক্ষী আৰু অসম ৰাইফলছে। এই নিশ্চিত তথ্য লাভ কৰাৰ‌ পিছত কালাইন থানাৰ‌ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত বৰুৱাৰ নেতৃত্বত মঙলবাৰে অভিযান চলোৱা হয় আলফাজ উদ্দিনৰ ঘৰ।

ইফালে, আৰক্ষী অহাৰ উমান পাই ড্ৰাগছ ব্যৱসায়ী আলফাজ উদ্দিন আৰু তেওঁৰ পত্নী হাছনা বেগম পলাই যাবলৈ সক্ষম হয়। অৱশ্যে, আৰক্ষীয়ে কৌশলেৰে হাছনা বেগমক কৰায়ত্ত কৰে। তেওঁৰ পৰা জব্দ কৰা হয় ১৬টা ব্রাউন চুগাৰৰ পেকেট । পিছত ব্ৰাউন চুগাৰ সহ ধৃত হাছনা বেগমক কালাইন থানানৈ লৈ যোৱা হয়। বৰ্তমান হাছানা বেগমক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

কাছাৰৰ বাংলাদেশ সীমান্তত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ, আটক মহিলা
বিভিন্ন দাবীৰে অসমৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান ধেমাজি জিলা সাংবাদিক সংস্থাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in