/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/56af251c-50d1-411e-bd62-8dd0d26977b7/6.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত বুধবাৰে সন্ধিয়া বিশ্ব নাট্য দিৱস উপলক্ষে নাটকথা-৪ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰঙিয়াৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান স্বৰগোষ্ঠীৰ উদ্যোগত ৰাইজ মেল কৃষক ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।
মুস্তাফা কামাল আহমেদে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অভিনেতা নিতুল পাটোৱাৰীৰ লগতে কবি- নাট্যকাৰ অজিত কুমাৰ দাসে অতিথিৰূপে উপস্থিত থাকি সাম্প্ৰতিক নাট্যচৰ্চাৰ ওপৰত আলোকপাত কৰে। ৰঙিয়াৰ অভিনেতা-অভিনেত্ৰীসকলে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত শিল্পী পেন্সনাৰ নৰেন্দ্ৰ শৰ্মা প্ৰমূখ্যে আন কেইবাগৰাকী নাট্য কৰ্মী উপস্থিত থাকে ।
Also Read: মায়ঙৰ বৰপাকত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us