মায়ঙৰ বৰপাকত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

মায়ঙৰ বৰপাকত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

author-image
Asomiya Pratidin
New Update
মায়ঙৰ বৰপাকত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ বৰপাকত বুধবাৰে সম্পন্ন হয় এটা বিনামূলীয়া চকু চিকিৎসা আৰু পৰীক্ষণ শিবিৰ। বৰপাক গাঁও উন্নয়ন সমিতি আৰু ERC eye care, Guwahati ৰ উদ্যোগত তথা মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ৰ সহযোগত বৰপাক সাৰ্বজনীন দুৰ্গামন্দিৰ প্ৰাংগনত দিনজোৰাকৈ আয়োজিত এই চিকিৎসা শিবিৰটি আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে বহা-বৰজাৰী মাধ্যমিক বিদ্যালয়ৰ অৱসৰি শিক্ষক বীৰেন্দ্ৰ কুমাৰ দাস আৰু বৰদলনি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নিখিল মজুমদাৰে।

Advertisment

আনহাতে বন্তি প্ৰজ্বলন কৰে জাগীৰোড মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হৰমোহন কলিতাই। এই শিবিৰটিত কেইবাশতাধিক স্থানীয় লোক উপস্থিত থাকি চকু পৰীক্ষা কৰে। ইয়াৰোপৰি বিনামূলীয়াকৈ বিতৰণ কৰা ঔষধ গ্ৰহণ কৰে।

শিবিৰত উপস্থিত থকা কেইবাগৰাকী অভিজ্ঞতাসম্পন্ন চিকিৎসকে ৰোগীসকলক চশমা প্ৰদান কৰাৰ লগতে অত্যাধুনিক পদ্ধতিৰে চকুত চানি পৰা ৰোগৰ অস্ত্ৰোপ্ৰচাৰৰ সুবিধা কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে।

Also Read: নগাঁও জিলা দিৱস উদযাপন

MAYANG