বিশ্ব প্ৰেছ স্বাধীনতা দিৱস...

" A Press for the Planet: Journalism in the Face of the Environmental Crisis.”
বিশ্ব প্ৰেছ স্বাধীনতা দিৱস...

ডিজিটেল ডেস্কঃ আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। ২০২৪বৰ্ষৰ এই দিৱসৰ বিষয়বস্তু " A Press for the Planet: Journalism in the Face of the Environmental Crisis.”।

২০২৪ চনত বিশ্ব প্ৰেছ স্বাধীনতা দিৱসত সাংবাদিকতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব সাম্প্ৰতিক বিশ্ব পৰিৱেশ সংকটৰ পৰিপ্ৰেক্ষিতত উচৰ্গা কৰা হয়।গণতান্ত্ৰিক সমাজ গঢ়াৰ বাবে বিশ্বৰ পৰিৱেশ সংকট আৰু ইয়াৰ পৰিণতিৰ সকলো দিশৰ প্ৰতি সজাগতা অতি প্ৰয়োজনীয়। ইয়াৰ বাবে সাংবাদিকতাৰ কাম অপৰিহাৰ্য।

ইউনেস্ক’ৰ সাধাৰণ সন্মিলনৰ পৰামৰ্শ অনুসৰি ১৯৯৩ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস ঘোষণা কৰিছিল।

বিশ্ব প্ৰেছ স্বাধীনতা দিৱস...
ঘোষণা হ'ল ৰায়বেৰেলী-আমেথিৰ কংগ্রেছৰ প্রাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in