ঘোষণা হ'ল ৰায়বেৰেলী-আমেথিৰ কংগ্রেছৰ প্রাৰ্থী...

ঘোষণা হ'ল ৰায়বেৰেলী-আমেথিৰ কংগ্রেছৰ প্রাৰ্থী...

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল ৰায়বেৰেলী-আমেথিৰ কংগ্রেছৰ প্রাৰ্থী...

ডিজিটেল ডেস্কঃ বহু উৎকণ্ঠাৰ অন্ত পেলায় অৱশেষত ঘোষণা হ’ল ৰায়বেৰেলী আৰু আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী৷ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে৷ আমেথিত কিশোৰী লাল শৰ্মা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী৷

Advertisment

উত্তৰ প্ৰদেশৰ ঐতিহাসিক দুৰ্গ ৰায়েবাৰেলীৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব কেৰালাৰ ৱায়ানাদৰ বিশিষ্ট কংগ্ৰেছ নেতা তথা সংসদ সদস্য ৰাহুল গান্ধীয়ে।

২০১৯ চনৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত আমেথিত পৰাস্ত হৈছিল ৰাহুল গান্ধী। এইবাৰ আমেথিত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কিশোৰী লাল শৰ্মাক। অহা ২০ মে’ত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া আসন দুখনৰ বাবে মনোনয়নৰ অন্তিম দিনা কংগ্ৰেছ দলে এই ঘোষণা কৰে।

Also Read: মহানগৰীত ডাম্পাৰৰ খুন্দাত নিহত স্কুটী আৰোহী...

loksabha election congress rahul gandhi Raebareli