/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/348d4ce7-a01f-4ad3-8a1a-29aa60000bc3/arrest_new.jpg)
অভিযুক্ত
ডিজিটেল সংবাদ, মৈৰাবাৰীঃ মৃত্যু হোৱা ব্যক্তিৰ নামটো ধন সৰকাই মৈৰাবাৰীত গ্ৰেপ্তাৰ হৈছে ৬ জনকৈ পঞ্চায়ত কৰ্মী । ২০১৬ চনতে মৃত্যু হোৱা ব্যক্তিৰ নামত ২০২১ চনত সৰকাইছিল পি এম ৱাই গৃহৰ নামত আবন্টিত টকা ।
ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ ভেলৌগুৰী আৰক্ষী থানাই শনিবাৰে গ্ৰেপ্তাৰ কৰে অভিযুক্ত পঞ্চায়ত কৰ্মচাৰী কেইজনক।
অভিযুক্ত পঞ্চায়ত কৰ্মচাৰী কেইজন লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ তুলসীবৰী গাও পঞ্চায়তৰ। ধন সৰাকই গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পঞ্চায়ত কৰ্মচাৰী জন হৈছে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f865341b-9d32-4311-b54a-771311033fe8/2e485045_1ccd_4381_b7f8_f75eb94ab147.jpg)
অভিযন্ত্ৰা ছাইফুল ইছলাম, গ্ৰাম ৰোজগাৰ সেবক ৰাজু বৰদলৈ, কম্পিউটাৰ এছিচটেন্ট মোস্তাফিজুৰ ৰহমান, ৰেকবুল খান (GPC), আৰু নেয়ামত আলী (GRS) ।
ইয়াৰে গ্ৰাম ৰোজগাৰ সেবক নেয়ামত আলী বৰ্তমান নিজ চহৰীয়া গাও পঞ্চায়তত GRS হিচাপে আৰু তুলসীবৰী পঞ্চায়ৰ আগৰ GPC ৰেকবুল খান অমৰাগুৰী পঞ্চায়তত কৰ্মৰত।
২০১৬ চনতে মৃত্যু হোৱা ব্যক্তিয়ে কেনেকৈ ২০২১ চনত বেংকৰ পৰা ধন উলিয়াবলৈ সক্ষম হল, সেয়াহে আচলতে নুবুজা সাথৰ হৈ পৰিছে সকলোৰে বাবে।
Also Read: হেলেমৰ গঙ্গা গোশালাত মৃত্যুৰ ক্ষণ গণিছে সহস্ৰাধিক গৰুৱে..