ধেমাজিত বিশ্ব শ্ৰৱন দিৱস উদযাপন আৰু শ্ৰৱন যন্ত্ৰ বিতৰণ কাৰ্যসূচী

বিশ্ব শ্ৰৱন দিৱস উপলক্ষে ধেমাজি কলেজিয়েট মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে এখনি সজাগতা সভা ও শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
ধেমাজিত বিশ্ব শ্ৰৱন দিৱস উদযাপন আৰু শ্ৰৱন যন্ত্ৰ বিতৰণ কাৰ্যসূচী

ধেমাজিত বিশ্ব শ্ৰৱন দিৱস উদযাপন আৰু শ্ৰৱন যন্ত্ৰ বিতৰণ কাৰ্যসূচী

ডিজিটেল সংবাদ, ধেমাজি : বিশ্ব শ্ৰৱন দিৱস উপলক্ষে ধেমাজি কলেজিয়েট মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে এখনি সজাগতা সভা ও শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হয়। দুপৰীয়া  ১২ বজাত অনুষ্ঠিত হোৱা সভাখনত সমগ্র শিক্ষা, ধেমাজিৰ জিলা আঁচনি বিষয়া অৱনি নাথ ,  সৰ্ব্বাত্মক শিক্ষাৰ সমল ব্যক্তি মোহন সোনোৱাল উপস্থিত থাকি শব্দ শুনা আৰু শব্দ প্রদূষণ, কানৰ বিভিন্ন ৰোগ, সচৰাচৰ কাণৰ ৰোগৰ গাঁৱলীয়া চিকিৎসাৰ পৰিৱৰ্তে বিশেষজ্ঞ কানৰ চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত বুলি ছাত্র-ছাত্রী সকলক অবগত কৰে।

Advertisment

সভাত  ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেলৰ চলৰে শ্ৰৱন শক্তি পৰীক্ষা কৰা হয়। সভাত বিদ্যালয়ৰ প্রধান শিক্ষক  বিনয় নৰহে ছাত্ৰ-ছাত্ৰী সকলক শব্দ প্ৰদুষনৰ পৰা দুৰত থাকিবলৈ পৰামৰ্শ আগবঢ়াই বক্তব্য প্ৰদান কৰে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ধেমাজি টাউন বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশ্ব শ্ৰৱন দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ শিক্ষা, ধেমাজিৰ উদ্যোগত জিলাখনৰ ৫০ গৰাকী শ্ৰৱন বাধাগ্ৰস্ত শিশুক দুটাকৈ শ্ৰৱন যন্ত্ৰ বিতৰন কৰা হয়। উক্ত কাৰ্য্যসূচীত ভাৰত চৰকাৰৰ অন্যতম প্রতিষ্ঠান  এলিমকোৰ পৰা অহা শ্ৰৱন বিশেষজ্ঞ ডাঃ জেহেৰুল ইচলামে শিশুসকলৰ শ্ৰৱন পৰীক্ষা কৰাৰ লগতে উক্ত যন্ত্ৰ সমূহৰ ব্যৱহাৰ সর্ম্পকে বিষদভাৱে ব্যাখ্যা কৰে।

সভাত ধেমাজি জিলাৰ তিনিটা শিক্ষা খণ্ডৰ বৰদলনি শিক্ষা খণ্ডৰ ২০ গৰাকী, ধেমাজিৰ ১১ গৰাকী আৰু মূকংচেলেক ৰ ১৯ গৰাকী শিশুক এই যন্ত্ৰ সমূহ প্ৰদান কৰা হয়। 

ধেমাজি World Hearing Day