মুখ্য-পৃষ্ঠা
'মংকীপক্স'ক লৈ বিশ্বজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা...
ডিজিটেল ডেস্কঃ বিশ্বত পুনৰ সৃষ্টি হৈছে মংকীপক্সৰ আতংক৷ শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত প্ৰথমজন ৰোগী৷ আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মংকীপক্সৰ ৰোগী৷
জানিব পৰামতে ব্যক্তিজন আফ্ৰিকা ভ্ৰমণৰ সময়তে মংকীপক্সত আক্ৰান্ত হয়৷ এই ঘটনাৰ পাছতেই জনস্বাস্থ্যৰ বাবে বিশ্বজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
উল্লেখযোগ্য যে এই ভাইৰাছ চুবুৰীয়া দেশসমূহলৈও বিয়পি পৰিছে। দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মংকীপক্সক লৈ বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২২ চনৰ পৰা ১১৬খন দেশত মংকীপক্সত প্ৰায় ৯৯,১৭৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২০৮ জন লোকৰ মৃত্যু হৈছে।