৭৮ বছৰ হ'ল দেশ স্বাধীন হোৱা। স্বাধীনতাই আমাক কি দিলে? স্বাধীন হৈ আমি কি পালো আৰু কি নাপালো? সেই খতিয়ান আমি সৰ্বসাধাৰণৰ পৰা লৈছো জানো কেতিয়াবা? অসমীয়া প্ৰতিদিন ডিজিটেলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছিল আপোনাৰ মত প্ৰকাশৰ এই যাত্ৰা। বিষয় আছিল- 'স্বাধীনতাৰ ৭৮ বছৰৰ পোৱা নোপোৱাৰ খতিয়ান'। বহুজনে ইতিমধ্যে ইয়াৰ প্ৰতি সহাৰি জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ অনুভৱ। আজি মোৰ মতত নিৰ্বাচিত প্ৰথমটো লেখা। এই লেখা গণেশগুৰি, গুৱাহাটীৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিছে পল্লৱী নেওগে।
স্বাধীনতা শব্দটোৱেই বিশাল। স্বাধীনতাই আমাক কি দিলে সেই খতিয়ান কেইটামান শব্দৰ ভিতৰত আলোচনা কৰাতো অসম্ভৱ। ১৯৪৭ চনৰ পৰা ২০২৪ লৈ ৭৮ টা বছৰ ভাৰতে স্বাধীনতাৰ সোৱাদ পালে।
মোৰ বয়স এতিয়া ২৭ বছৰ। এই ২৭ টা বছৰ ময়ো স্বাধীন দেশৰ নাগৰিক হিচাপে ইয়াৰ বতাহ, পানী সেৱন কৰিছোঁ। ভাল লাগে এটা কথা ভাবি যে, আমি স্বাধীন দেশৰ নাগৰিক।
সেই স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ কেতিয়াবা খৰ্ব হ'লে হতাশ হোৱাতোৱেই স্বাভাৱিক। ১৫ আগষ্ট ২০২৪ ৰ প্ৰসংগৰেই মই এই বিষয়টোৰ সন্দৰ্ভত কেইটামান কথা প্ৰকাশ কৰিব বিচাৰিছো।
স্বাধীন অসম আৰু অন্যান্য প্ৰসংগত অসমৰ ৰাইজে বহু দুৰ্ভোগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। সেই অভিজ্ঞতা আমাৰ বাবে সুখকৰ নাছিল। স্বাধীনতা মানেই আমি যেন শংকাৰ মাজত সোমাই পৰিছিলো।
ৰক্তাক্ত সেই ইতিহাসে স্বাধীনতা দিৱসৰ সোৱাদ আমাৰ দৰে নৱপ্ৰজন্মক দিব পৰা নাছিল। ভাবিছিলো লাহে লাহে পৰিবেশ স্বাভাৱিক হ'ব। স্বাধীনতা দিৱস মানেই কাৰোবাৰ আহ্বানত দিয়া বন্ধ আৰু ভীৰ্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতা অন্ত পৰিব।
চৰকাৰৰ আন্তৰিকতা আৰু সংগ্ৰামৰ পথাৰত ভৰি দিয়াসকলৰ শুভবোধৰ উদয় হ'ব। কিন্তু সেই আশাত আকৌ এবাৰ যেন চেঁচা পানী পৰিল। স্বাভাৱিক হ'ব বুলি ভবা পৰিবেশ শেহতীয়া স্বাধীনতা দিৱসে গোমা কৰি পেলালে।
২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ খবৰে মানুহক আকৌ সেই অতীতৰ সংঘাতময় দিনবোৰলৈ ঘূৰাই নিব বিচাৰিলে। এই যুদ্ধ মানসিক যুদ্ধ। চৰকাৰী পক্ষই শান্তি আৰু সুদিনৰ বাবে ল'ব লগা ব্যৱস্থা লোৱাত কৃপনালী কৰাৰ অভিযোগ আছে।
আনসকলে এই ভাবুকিভৰা বোমা সংস্থাপনৰ কাৰ্যৰ দ্বাৰাই নিজৰ অস্তিত্বৰ প্ৰমাণ কৰাৰ চেষ্টা চলালে। কোনো হানি-বিঘিনি নহ'ল যদিও এনেবোৰ কাৰ্যৰ দ্বাৰাই মানুহক স্বাধীনতা দিৱসৰ দিনটোতে শংকিত কৰি ৰাখিলে।
এই যুঁজ স্বাধীনতা দিৱসত দেখা পালো আমি। কাৰোবাৰ সফলতা, বিফলতাৰ কথা ক'ব নাযাও। কিন্তু এনে ৰক্তাক্ত দুৰ্দিনৰ পুনৰাবৃত্তি হোৱাতো আজিৰ প্ৰজন্মই কামনা নকৰে। ব্যৰ্থতাৰ খতিয়ান বহু ওলাব। সফলতাৰ জয়গানো এই দিন বোৰত গাব পৰাকৈ বহু ঘটনা প্ৰবাহ সংঘটিত হল।
চন্দ্ৰলৈ মহাকাশ যান প্ৰেৰণ কৰিলে ভাৰতে। এয়া বিশ্ববাসীৰ আগত ভাৰতবাসী গৌৰৱান্বিত হোৱাৰ এক পৰিঘটনা। একেদৰে স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো দেশবাসীৰ জীৱন নিৰ্বাহৰ মান যেন উন্নতি নহ'ল।
এইখন অসমতে বেছি সংখ্যক পৰিয়াল অৰুণোদয়, ফ্ৰী চাউলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল। নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, বাট-পথৰ সমস্যা সমস্যা হৈয়ে আছে। উন্নয়ন হোৱা বুলি ঢোল পিটা লোকৰো অভাৱ হোৱা নাই।
প্ৰমূল্যবোধৰ স্খলন ঘটিছে। মানৱতাৰ প্ৰতি ভাবুকি আহিছে। ৰুচিহীনতাই আমাক আক্ৰান্ত কৰিছে। তথাপিও স্বাধীন দেশৰ নাগৰিক বুলি এক মৰ্যাদাপূৰ্ণ জীৱনৰ প্ৰতীক্ষাত আছো।