খামৰেঙ্গা বিলত বৃক্ষ ৰোপন-স্বচ্ছতা অভিযান...

খামৰেঙ্গা বিলত বৃক্ষ ৰোপন-স্বচ্ছতা অভিযান...

author-image
Asomiya Pratidin
New Update
খামৰেঙ্গা বিলত বৃক্ষ ৰোপন-স্বচ্ছতা অভিযান...

ডিজিটেল সংবাদ, গুৱাহাটীঃ চিঙ্গাপুৰ স্থিত সুৰবানা জুৰুঙ গ্ৰুপৰ অংশীদাৰ সংস্থা স্মেক হোল্ডিং লিমিটেডৰ গুৱাহাটীৰ আঞ্চলিক কায্যালয় তথা ৰাণী পাটগাওঁৰ জাগ্ৰত জননী মহিলা সমিতিৰ যৌথ উদ্যোগত খামৰেঙ্গা বিল অঞ্চলত ৫ জুন, বুধবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন তথা স্বচ্ছতা অভিযানৰে দিনযোৰা কাৰ্যসূচীৰআয়োজন কৰা হয়৷

Advertisment

২০২৪ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ শ্লোগান “আমাৰ ভূমি, আমাৰভৱিষ্যৎ”  নীতিক সাৰোগত কৰি বৃক্ষ ৰোপণৰ যোগেদি জনসাধাৰণক পৰিৱেশৰ প্ৰতি অধিক সচেতনতা বঢ়াই পৃথিৱীৰ উষ্ণতা কমোৱাত সহায়ক কৰোৱাই উক্ত কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল৷ উক্ত কাৰ্যসূচীত স্মেক হোল্ডিং লিমিটেডৰ পৰিৱেশবিদ অভিজিত সৰকাৰ, পৰিৱেশ তদন্তকাৰী বিষয়া মানৱ তালুকদাৰ,অয়ন দেৱ, দীপজ্যোতি সিংহ, সংগীতা ডাকুৱা, ভায়লিনা ফুকনৰ অংশগ্ৰহণৰ উপৰিও জাগ্ৰত জননী মহিলা সমিতিৰ সভানেত্ৰী আভা দত্ত চৌধুৰী, সম্পাদিকা জীনাক্ষী বৰুৱা তথা সদস্যা সুজাতা গগৈ আৰু অন্যান্য সদস্যাৰ অংশগ্ৰহণ আৰু সহযোগিতাৰে  দিনযোৰা কাৰ্য্যসূচীৰ সামৰণি মৰা হয়৷

Also Read: স্মৃতি ইৰাণীয়েই নহয়, মোডী মন্ত্ৰীসভাৰ ২২ মন্ত্ৰীৰ পৰাজয়...

world environment day