কঠীয়াতলীত বিশ্ব প্ৰতিবন্ধী দিৱসৰ সামৰণিৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান...

বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত স্মৰণিকা 'প্ৰত্যাশা'ৰ দ্বিতীয় সংখ্যা উন্মোচন, নিশা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত আৰক্ষী অধীক্ষক লীনা দলে, কণ্ঠশিল্পী ৰূপম কাকতি
কঠীয়াতলীত বিশ্ব প্ৰতিবন্ধী দিৱসৰ সামৰণিৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান
কঠীয়াতলীত বিশ্ব প্ৰতিবন্ধী দিৱসৰ সামৰণিৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান

ডিজিটেল সংবাদ,বেবেজীয়াঃ কঠীয়াতলীত বিশ্ব প্ৰতিবন্ধী দিৱসৰ সামৰণিৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। নগাঁও প্ৰতিবন্ধী দিৱস উদযাপন সমিতিৰ উদ্যোগত আৰু কঠীয়াতলীৰ হেঙুলী গোষ্ঠীৰ ব্যৱস্থাপনাত নগাঁৱৰ কঠীয়াতলী আঞ্চলিক খেলপথাৰত ৩ আৰু ৪ ডিচেম্বৰত দুদিনীয়াকৈ আয়োজিত বিশ্ব প্ৰতিবন্ধী দিৱসৰ দেওবাৰে নিশা সফলতাৰে সামৰণি পৰে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেওবাৰে পুৱাৰে পৰা এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। তিনি শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা এই শিবিৰত চকু ৰোগ বিশেষজ্ঞ, ই এন টি বিভাগৰ চিকিৎসক, সাধাৰণ ৰোগৰ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰোপৰি অনুষ্ঠানত সমবেত দুই শতাধিক দিব্যাংগ লোকক উদ্যোক্তাসকলে এখনিকৈ ফুলাম গামোচা আৰু ওলগনি পত্ৰৰে আদৰণি জনায়।

উক্ত অনুষ্ঠানতে কেইবাগৰাকী দিব্যাংগ লোকে কবিতা আবৃত্তি, প্ৰদৰ্শনীমূলক চিত্ৰ অংকনত অংশ লয়। অনুষ্ঠানটিৰ আঁত ধৰে উদযাপন সমিতিৰ উপদেষ্টা নীলৰঞ্জন শৰ্মাই। দুপৰীয়া উদযাপন সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি মুকলি সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে, যোৱাবাৰ মাজপাঠৰী হাইস্কুলত অনুষ্ঠিত 'বিশ্ব প্ৰতিবন্ধী দিৱস' অনুষ্ঠানত উপস্থিত থকাৰ লগতে এইবাৰো অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে প্ৰতিবন্ধীসকলক চৰকাৰীভাৱে দিবপৰা সকলো সুবিধা প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত উদ্যোক্তাসকলক আগভাগ ল'বলৈ আহ্বান জনায় ।

প্ৰাক্তন অধ্যক্ষ, জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ, সৰ্বশিক্ষা মিছনৰ নগাঁও জিলা আঁচনি বিষয়া শ্ৰুতিমালা গায়ন, খণ্ড উন্নয়ন বিষয়া হিৰণ্য চমুৱা, বিশিষ্ট সমাজকৰ্মী উৎপল বনিয়াইও ভাষণ প্ৰদান কৰা এই সভাত সমাজকৰ্মী কামাখ্যা শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক মাঘিৰাম শইকীয়া, শিক্ষক ভোগৰাম শইকীয়া, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে জয়ন্ত বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা 'প্ৰত্যাশা'ৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ডাঃ নৰেন্দ্ৰ নাথ ডেকাই।

উল্লেখ্য যে অহা বছৰত এই দিৱসটি ৰহাত অনুষ্ঠিতকৰাৰ পৰিকল্পনাৰ বিষয়ে উদ্যোক্তাসকলে ঘোষণা কৰে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে চৌদিশ আলোকিত হোৱা পৰিবেশ আনুষ্ঠানিকভাৱে এগছি বন্তি প্ৰজ্বলনেৰে মুকলি কৰে সমিতিৰ উপদেষ্টা গুণ কান্ত বৰাই। নিশালৈ বিশেষভাৱে সক্ষম শিল্পীসকলৰ দ্বাৰা গীত-নৃত্যৰে মুখৰিত “স্নেহবন্ধন” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটি অনুষ্ঠিত হয়।

অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকি বিশেষভাৱে সক্ষম লোকসকলৰ অনুষ্ঠান উপভোগ কৰে ৷ উক্ত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী, অভিনেতা ৰূপম কাকতি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কেইবাটাও গীত পৰিৱেশনেৰে অগণন শ্ৰোতা-দৰ্শকক সন্মোহিত কৰে। উদযাপন সমিতিৰ উপদেষ্টা জিতু শৰ্মাই আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বিশেষভাৱে সক্ষম শিল্পী ক্ৰমে পূজা শৰ্মা, দিগন্ত নাথ, বিমান পাটৰ , একাদশী মণ্ডলৰ উপৰি খ্যাতিসম্পন্ন কণমানি নৃত্যশিল্পী চাংকি গোছাইতকে ধৰি বহুকেইগৰাকী শিল্পীয়ে গীত, নৃত্য পৰিৱেশন কৰি মন্ত্ৰমুগ্ধ কৰি তোলে শ্ৰোতা-দৰ্শকসকলক ৷

আনহাতে অনুষ্ঠানত বহু গণ্য-মান্য লোকক সম্বৰ্ধনা জনোৱা হয় । ইফালে, ৩ ডিচেম্বৰৰ পুৱা উদযাপন সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ কলিতাই পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে বন্তি প্ৰজ্বলন, স্মৃতিচাৰণ অনুষ্ঠান, বিশেষ কাৰ্যকৰী সভা আদি অনুষ্ঠিত হয়।

ইয়াৰ পাছতে নগাঁও বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাই গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে 'হেঙুলী গোষ্ঠী'ৰ সভাপতি পার্থ প্ৰতিম বৰাই। দুয়োদিনৰ সমূহ অনুষ্ঠানৰ সামগ্ৰিকভাৱে আঁত ধৰে সাধাৰণ সম্পাদক জয়ন্ত বৰাৰ ওপৰি উপদেষ্টা নীলৰঞ্জন শৰ্মা, উপ সভাপতি হৰেশ্বৰ শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in