Advertisment

ধেমাজিত বিশ্ব কৰ্কট দিৱস পালন…

ধেমাজি জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত সহযোগ কৰে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ লগতে ইণ্ডাচ টাৱাৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত সহযোগ কৰে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ লগতে ইণ্ডাচ টাৱাৰে ।

Advertisment

মঙলবাৰে পুৱা ১০.৩০ বজাত ধেমাজি কাছাৰী ময়দানৰ পৰা উলিওৱা জনজাগৰণ পদযাত্ৰাৰ ফিটা কাটি শুভাৰম্ভ কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে। জিলা প্ৰচাৰ মাধ্যম বিষয়া ড° অচ্যুৎ গগৈয়ে আঁতধৰা পদযাত্ৰাৰ শুভৰাম্ভণি অনুষ্ঠানটিত ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোঁহাই, জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষৰ নডাল বিষয়া ডাঃ কিশোৰ কুমাৰ কামান আৰু ভালে সংখ্যক স্বাস্থ্য বিষয়া , অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, ইণ্ডাচ টাৱাৰৰ বিষয়া কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মীয়ে ভাগ লয়। 

ধেমাজি কাছাৰী ময়দানস্হলিৰ পৰা আৰম্ভ হোৱা পদযাত্ৰা উলিওৱা হয় ধেমাজি চাৰিআলি হৈ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়লৈ  ৷


ইয়াৰ পিছতে দিনৰ ১১.৩০ বজাত  ধেমাজি স্বাস্থ্য ভৱনৰ প্ৰেক্ষাগৃহত এখনি সজাগতা সভাও অনুষ্ঠিত হয় ৷ জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষৰ জিলা আঁচনিৰ সমন্বয়ক ফটিক বৰগোঁহাইয়ে আঁত ধৰা সজাগতা সভাত জিলা স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়াৰ সকলৰ লগতে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক আৰু ধেমাজি অসামৰিক চিকিৎসালৰৰ অধীক্ষকে কৰ্কট ৰোগৰ সম্পৰ্কে বিতংকৈ আলোচনা কৰে। 

ধেমাজি