/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d33d0443-9286-44ad-a810-d4292766a090/2.jpg)
ডিজিটেল ডেস্কঃ আজি বিশ্ব গ্ৰন্থ দিৱস আৰু কপিৰাইট দিৱস। প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা হয় এই দিৱস।
ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল।
১৯৯৫ চনৰ ২৩ এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল। এইদিনা বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হয়।
উল্লেখ্য যে, ২৩ এপ্ৰিল প্ৰখ্যাত স্পেনিছ লেখক মিগুৱেল ডে কাৰভেণ্টছৰ মৃত্যু দিৱস ৷ লগতে ২৩ এপ্ৰিল উইলিয়াম শ্বেইৰছপীয়েৰৰ আৰু বহু বিখ্যাত লেখক-সাহিত্যিকৰ জন্ম আৰু মৃত্যু দিৱস হোৱাৰ বাবে এই বিশ্ব গ্ৰন্থ দিৱসৰ বাবে এই দিন বাছনি কৰা হ’ল।
Also Read: মৰাণত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত মাতৃ আৰু ৩বছৰীয়া কন্যা