মৰাণত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত মাতৃ আৰু ৩বছৰীয়া কন্যা

মৰাণত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত মাতৃ আৰু ৩বছৰীয়া কন্যা

ডিজিটেল ডেস্কঃ মৰাণৰ ঝলমত মঙলবাৰে পুৱা প্ৰায় ৫ বজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত মৃত্যু হয় মাতৃ আৰু কণমানি কন্যা সন্তানৰ৷ পথৰ ওপৰত ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা এখন ৱেগনাৰ বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

ঘটনাস্থলীতে নিহত হয় মৰাণৰ খুমটাই সেউজপুৰৰ ববী আখটাৰ (৩৪) নামৰ মহিলাগৰাকী৷ আনহাতে গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ প্ৰায় ৩বছৰীয়া কন্যাসন্তানটি  চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যক আঁকোৱালি লয় ৷

গুৱাহাটীৰ পৰা এ এছ ০১ কিউ চি ৩৮৩১নম্বৰৰ এখন ভাৰা গাড়ীত মৰাণলৈ আহি আছিল মাতৃ-কন্যা ৷ মৰাণৰ ঝলমৰ সমীপত পথৰ ওপৰত ৰৈ থকা এইছ আৰ৫৮ডি ৬৭৬৭ নম্বৰৰ ট্ৰাকখন অতিক্ৰম কৰাৰ সময়তে সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো ৷

মৰাণত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত মাতৃ আৰু ৩বছৰীয়া কন্যা
আমিনগাঁৱত দুৰ্ঘটনাঃ ৰাজপথতে জ্বলিল ট্ৰাক আৰু ডাম্পাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in