শ্ৰীমন্ত শংকৰ মিশ্যনত বিশ্ব এইডছ দিৱস উদযাপন...

শ্ৰীমন্ত শংকৰ মিশ্যনত বিশ্ব এইডছ দিৱস উদযাপন
শ্ৰীমন্ত শংকৰ মিশ্যনত বিশ্ব এইডছ দিৱস উদযাপন

ডিজিটেল সংবাদ বেবেজীয়া: সমগ্ৰ দেশৰ লগতে উত্তৰ পূৱ ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী অনুষ্ঠান নগাঁৱৰ শ্ৰীমন্ত শঙ্কৰ মিশ্যনত আজি বিশ্ব এইডছ দিৱস পালন কৰা হয় । শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ যৌথ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সশক্তি মন্ত্ৰণালয়ৰ সাহায্যত পৰিচালিত নিচাশক্তি মক্তিকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সহযোগত নগাঁৱৰ পানীগাঁও চাৰিআলিস্থিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত বিশ্ব এইডছ দিৱসটি উৎযাপন কৰা হয় ।

শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসে সঞ্চালনা কৰা সজাগতা সভাখনি শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক কৃষ্ণ কুমাৰ বৰাই ৷ সজাগতা খনিত উদ্বোধক হিছাপে উপস্থিত থাকি সজাগতা সভাখনিত এইডছৰ ভয়াবহতাৰ বিষয়ে ব্যখ্যা ডাঙি ধৰি ডাঃ কৃষ্ণ কুমাৰ বৰাই কয়- এই ৰোগ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট সকলোৱেই ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব । আজিৰ প্ৰজন্মৰ যুৱক-যুৱতী সকলক এইডছৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ এই সজাগতা সভা সমূহৰ বিশেষ প্ৰয়োজন আছে ৷

সম্প্ৰতি সুদীৰ্ঘকাল এইডছ আক্ৰান্ত হৈ ৰাইজৰ লগত এইডছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা জাহ্নৱী গোস্বামীৰ কথাৰে বহুকেইটা উল্লেখযোগ্য উদাহৰণ দি উপস্থিত সকলোকে এইডছৰ বিৰুদ্ধে সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই ৷ বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি এইডছৰ বিৰুদ্ধে সজাগতাৰ জৰিয়তে একগোট হবলৈ আহ্বান জনায় ৷

ইফালে বিশ্ব এইডছ দিৱস উপলক্ষে আজি পুৱা ৮ বজাত শ্ৰীমন্ত শংকৰ মিশ্যনৰ কৰ্মচাৰী আৰু আৱাসীসকলৰ দ্বাৰা স্বচ্ছ ভাৰত কাৰ্যসূচী সম্পন্ন হোবাৰ পাছতে ১০:৩০ বজাত নগাঁও চহৰত এক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাটি মুকলি কৰে শ্ৰীমন্ত শংকৰ মিশ্যনৰ উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে ৷

সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত জিলা যক্ষ্মা বিষয়া ডাঃ ৰঞ্জন কুমাৰ গোস্বামী আৰু ননৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° কবিতা দেৱীয়ে এইডছৰ ভয়াৱহ আৰু বৰ্তমান নৱ প্ৰজন্মই ইয়াক কেনেকৈ নিৰ্মোল কৰিব পাৰিব তাৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়৷

সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্র নাথে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাখনিৰ আৰম্ভনিতে সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ কৰ্মচাৰী সকলে সমবেত সংগীত পৰিবেশন কৰে। সভাত শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰাক্তন যুটীয়া সম্পাদক কমল শ‍ইকীয়া, প্ৰদীপ হাজৰিকা,সদস্য প্রভাত বৰা,বীৰেন্দ্ৰ কুমাৰ দাস,জীৱ কটকী,ৰুনজুন বৰা, মহলা আয়ুক্ত বিষয়া ৰূপালী শ‍ইকীয়া, সদস্য দূৰ্গা ৰাজকুমাৰ, প্ৰফুল্ল হাজৰিকাকে প্ৰমুখ্য কৰি ভালে শতাধিক গন্যমান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰ মিশ্যনৰ যুটীয়া সম্পাদক প্রদীপ শ‍ইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাখন ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰে সামৰণি পৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in