/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/539250db-89af-4d21-8d11-69f1ee010471/ai_.jpg)
সোণাৰিত বিশ্ব এইডছ দিৱস পালন
ডিজিটেল সংবাদ,সোণাৰিঃ আজি বিশ্ব এইডছ দিৱস। ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে সোণাৰিতো বিশ্ব এইডছ দিৱস পালন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নাফুক চাহ বাগিচা কট্ৰিপক্ষৰ সহযোগত সোণাৰিৰ সমীপৰ নাফুক চাহ বাগিচাত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0465daa7-ef83-4871-9e42-d64cb623b5d1/ai.jpg)
সভাত চৰাইদেউ জিলা এন এইচ এমৰ ডি পি এম অভিজিত শৰ্মা, নাফুক চাহ বাগিচাৰ জেষ্ট চিকিৎসক হৰেন কোঁৱৰ, ডি চি এম ৰফিক আহমেদ, জ্যেষ্ঠ চিকিৎসা তত্বাৱধায়ক মৃত্যুঞ্জয় দাস, নাফুক চাহ বাগিচাৰ হেলথ এচিষ্টেণ্ট আমোছ তাঁতী আদিয়ে ভাষণ দিয়ে। সভাৰ অন্তত এইডছৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখনি সজাগতা ৰেলি উলিয়াই বুলি জানিবলৈ দিয়ে।
আৰু পঢ়কঃ কোকৰাঝাৰত বিশ্ব এইডছ দিৱস পালন