/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fb759c4a-e305-4704-85db-157256816675/aids.jpg)
কোকৰাঝাৰত বিশ্ব এইডছ দিৱস পালন
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰত বিশ্ব এইডছ দিৱস পালন। জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডা০ কৌশিক দাসৰ মন্তব্য অনুসৰি, কোকৰাঝাৰ জিলাত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩৭ জন আৰু চলিত বৰ্ষত ৩৩ জনৰ দেহত নতুনকৈ এইচআইভি পজিটিভ ধৰা পৰিছে বুলি প্ৰকাশ কৰে।
আজি বিশ্ব এইডছ দিৱস উপলক্ষে কোকৰাঝাৰ জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু নায়েকগাঁও আঞ্চলিক এবছু , কেয়াৰ ইণ্ডিয়া ফাউণ্ডেচন সহযোগত নায়েকগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশ্ব এইডছ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি উক্ত মন্তব্য প্ৰকাশ কৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডা০ কৌশিক দাসে ।
ভালেসংখ্যক আশাকৰ্মী ,স্থানীয় গাওঁবুঢ়া, স্থানীয় জনসাধাৰণ আৰু এবছুৰ কৰ্মকৰ্তাই অংশ লোৱা উক্ত সজাগতামূলক সভাত জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডা০ কৌশিক দাসে সজাগতাই এইডছ প্ৰতিৰোধৰ উত্তম উপায় বুলি মন্তব্য কৰি কোকৰাঝাৰত এইডছ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বঢ়াত উদ্বেগ প্ৰকাশ কৰে । অসুৰিক্ষত যৌনতা , একেটা চিৰিঞ্জেৰে এইচআইভি পজিটিভৰ সতে ড্ৰাগছ দেহত সুমুৱাই লোৱা আদিকে ধৰি আন কেবাটাও কাৰকৰ বাবেই এইডছ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে বুলি মন্তব্য কৰি ডা০ দাসে অভিভাৱকসকল সচেতন হবলৈ আহ্বান জনায়।
তদুপৰি শিক্ষক- শিক্ষয়িত্ৰীসকলেও শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ কিতাপৰ বেগ প্ৰতিদিনে তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে ডা০ দাসে । আজিৰ সজাগতা সভাত আই চি টি চিৰ পৰামৰ্শদাতা প্ৰীতিকণা তালুকদাৰ , সমাজকৰ্মী গণেশ চন্দ্ৰ ওৱাৰী, বালাজান খণ্ড সামুহিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডা০ পুলমা ব্ৰহ্ম , ডিপিএম এইচ খাখলাৰী আদিকে ধৰি বহু বিশিষ্টই অংশ লোৱাৰ লগতে প্ৰায় শতাধিক গঞা ৰাইজে অংশগ্ৰহণ কৰে ।
আৰু পঢ়কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ বুজাবুজি চুক্তি স্বাক্ষৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us