পান বজাৰত সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ কৰ্মশালা...

পান বজাৰত সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
পান বজাৰত সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ কৰ্মশালা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সহযোগত আৰু ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ আন্তৰ্জাতিক সংস্থাৰ উদ্যোগত অহা ১৫ জুলাইৰ পৰা ১৯ জুলাইলৈ গুৱাহাটীৰ পানবজাৰস্থ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সভাগৃহত "সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শঙ্কৰী চিত্ৰশৈলীত অংকন" শীৰ্ষক এক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ (ICOMOS)ৰ উত্তৰ-পূব মণ্ডল আৰু ডেলফিক কাউন্সিলৰ পূৰ্বোত্তৰ শাখাই কৰ্মশালাখনত সহযোগ আগবঢ়াব।

Advertisment

উক্ত কৰ্মশালাত সাঁচিপাত প্ৰস্তুতকৰণ, অংকন আৰু পৰম্পৰাগত ৰং হেঙুল, হাইতাল আৰু প্ৰাকৃতিক উপকৰণেৰে ম'হী(চিঞাহী) প্ৰস্তুতকৰণ আদি বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব সাঁচিপতীয়া শিল্পী মৃদু মৌচম বৰা।

উল্লেখযোগ্য যে ছ'চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্যোগত বিগত ২০১৩ চনৰ পৰাই প্ৰতি বছৰে জুলাই মাহত অসমৰ বিভিন্ন স্থানত এই কৰ্মশালা আয়োজিত কৰি অহা হৈছে। নিতৌ দিনৰ ১০ বজাৰ পৰা বিয়লি ৫বজালৈ চলিবলগা উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰশিক্ষাৰ্থী সকলক মৃদু মৌচম বৰাৰ (৯৪০১৩৮৩৫১৭, ৭০০২৭২৮৬৭৪) লগত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনাইছে।

Also Read: মায়ঙৰ লেহপতিত এসপ্তাহে বানৰ কবলত দুই সহস্ৰাধিক পৰিয়াল

panbazar