মায়ঙৰ লেহপতিত এসপ্তাহে বানৰ কবলত দুই সহস্ৰাধিক পৰিয়াল

আশ্ৰয় শিবিৰত নাই বান সাহাৰ্য্য

author-image
Asomiya Pratidin
New Update
মায়ঙৰ লেহপতিত এসপ্তাহে বানৰ কবলত দুই সহস্ৰাধিক পৰিয়াল

ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জিলাখনৰ লাহৰীঘাট, মায়ং, ভুৰাগাও আৰু মৰিগাঁও ৰাজহ চক্ৰৰ দুই শতাধিক গাঁও আজিও জলমগ্ন হৈ আছে। মায়ঙৰ শতাধিক ৰাজহ গাঁও এতিয়াও প্লাবিত হৈ আছে।

Advertisment

লেহপতি পঞ্চায়তৰ ৬টা আশ্ৰয় শিবিৰত আজিপৰ্যন্ত কোনো ধৰণৰ বান সাহাৰ্য্য গৈ পোৱা নাই বুলি জানিব পৰা গৈছে। বন্যাৰ্তসকল বানত ককবকাই থকা এসপ্তাহেই হ’ল।

সম্প্ৰতি বন্যাৰ্তসকলে মথাউৰিৰ ওপৰত, শিলডুবি দলঙৰ ওপৰত আশ্ৰয় লৈ আছে। ইয়াৰোপৰি মদনাবৰী, সান্দহ খাইটি, কটহগুৰিৰ আশ্ৰয় শিবিৰৰ পৰিৱেশ অবৰ্ণনীয়।

শিলডুবি দলঙৰ ওপৰত আৰু পথৰ ওপৰত আশ্ৰয় লৈ থকা ৩শতাধিক বানাক্ৰান্তৰ মাজত মাথো এদিনৰ খাদ্য সামগ্ৰী যোগান ধৰিছে। খোৱাপানীৰো অভাৱ হৈছে বুলি বন্যাৰ্তসকলে আক্ষেপ প্ৰকাশ কৰে।

মুকলি আকাশৰ তলত গৰু-ছাগলীৰ সতে সহৱস্থান কৰি থকা লোকসকলক তাৰপলিন যোগান ধৰা নাই। কেতবোৰ অঞ্চলত পশু খাদ্যৰো অভাৱ হৈছে।

Also Read: ব্ৰহ্মপুত্ৰত আৱদ্ধ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা সহ ৫০জনীয়া এটি দল...

mayong flood