প্ৰাপ্য মজুৰি বিচাৰি উৰুকাৰ পূৰ্বে বায়’ ৰিফাইনেৰীৰ সন্মুখত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

প্ৰাপ্য মজুৰি বিচাৰি উৰুকৰ পূৰ্বে বায়’ ৰিফাইনেৰীৰ সন্মুখত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
প্ৰাপ্য মজুৰি বিচাৰি উৰুকৰ পূৰ্বে বায়’ ৰিফাইনেৰীৰ সন্মুখত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ নুমলীগড়: বিহুৰ উৰুকাৰ প্ৰাক মুহূৰ্তত মজুৰি আদায়ৰ বাবে প্ৰতিবাদমূখৰ হ'ব লগা হৈছে শ্ৰমিক ৷ বহিৰাগত টুৱামেন কোম্পানীৰ উপ-ঠিকাদাৰ চাহানুৰ আহমেদৰ বাবেই শ্ৰমিকে বিহুৰ প্ৰাকমুহূৰ্তত কান্দিব লগা হৈছ ৷

ইতিমধ্যে মূল ঠিকাদাৰী প্ৰতিষ্ঠান টুৱামেনৰ সকলো কৰ্মচাৰীয়ে কাৰ্যালয়ত তলা মাৰি পলায়ন কৰিছে ৷ উপ-ঠিকাদাৰ চাহানুৰে শ্ৰমিকক মজুৰি আদায় দিয়াটো দায়িত্ব যদিও মজুৰি আদায়ৰ বাবে উপস্থিত হোৱা নাই চাহানুৰ আহমেদ ৷

যাৰ বাবে অনিশ্চয়তাত ভূগি শ্ৰমিকে অসম বায়’ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ঠিকাদাৰ চাহানুৰক শীঘ্ৰেই ব্লেক লিষ্টেদ কৰাৰ লগতে আজিৰ ভিতৰত প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবী জনায় ৷

অন্যথা সকলো শ্ৰমিকে বিহুৰ বাবে ঘৰলৈ নগৈ প্ৰতিষ্ঠানৰ সন্মুখতে অবিৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in