ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ মন্ত্ৰী পীযুষ হাজৰিকা

অসমত এদিন অপ্ৰাসংগিক হৈ পৰিব কংগ্ৰেছ আৰু এ আই ইউ ডি এফ

author-image
Asomiya Pratidin
New Update
ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ  মন্ত্ৰী পীযুষ হাজৰিকা

ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ মন্ত্ৰী পীযুষ হাজৰিকা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ বিজেপিৰ মূৰৰ কামোৰণি নাই।

Advertisment

লগতে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, এতিয়া কংগ্ৰেছ এ আই ইউ ডি এফক লৈ ব্যস্ত আৰু এ আই ইউ ডি এফ কংগ্ৰেছক লৈ ব্যস্ত হৈ আছে। দুয়োটা দলে বৰ্তমান মিত্ৰতাৰ খেলখনক লৈ ব্যস্ত হৈ আছে। আমি ৰাইজক লৈ ব্যস্ত হৈ আছোঁ ৰাইজৰ কাম কৰি আছোঁ গতিকে আগন্তুক নিৰ্বাচনত আমিয়েই জয়ী হম। আমি অসমৰ ৰাইজৰ লগত আছোঁ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে অসমৰ ৰাইজকলৈ কাম কৰি আছে। আমাৰ চিন্তাধাৰা হৈছে অসমক আগুৱাই লৈ যোৱা।

ভাৰত বৰ্ষৰ এখন উন্নত ৰাজ্যলৈকে অসমক ৰূপান্তৰিত কৰা। গতিকে আমাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। বৰ্তমান মুছলমানসকলক লৈ তুষ্টিকৰণৰ প্ৰতিযোগিতা ব্যস্ত হৈ আছে কংগ্ৰেছ আৰু এআইইউডিএফ। ভূপেন বৰাৰ দিনতে কংগ্ৰেছ ধ্বংস হৈছে। তেওঁৰ নেতৃত্বতে এফাল পৰা একাধিক নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিছে কংগ্ৰেছে। এনেদৰে ধ্বংস হৈয়েই অসমত এদিন কংগ্ৰেছ আৰু এ আই ইউ ডি এফ অপ্ৰাসংগিক হৈ পৰিব।

২০২৬ ত অসমত চৰকাৰ গঠন কৰা ভূপেন বৰাৰ দাবী অলিক কল্পনা বুলি মত প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই। ২০২৪ৰ নিৰ্বাচনত অসমৰ ১২টা লোকসভা সমষ্টিত নিশ্চিতভাৱে জয় হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে অহা বাৰ বিধানসভা নিৰ্বাচনত ১০০ৰো অধিক আসনত বিজেপি জয় হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

আৰু পঢ়কঃ পুৱতি নিশাৰ পৰা ঢেঁকীৰ ৰজনজনাই থকা মাত, ভোগালীৰ বৰ্ণাঢ্য আয়োজন

assam pijush hazarika aiudf bhupen bora