/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/34e9d988-3755-4814-9495-69ee1d7b426b/protest_12.jpg)
নুমলীগড়ৰ অসম বায়’ ৰিফাইনেৰীৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ...
ডিজিটেল সংবাদ নুমলীগড়: দুৰ্ঘটনাত শ্ৰমিকৰ আঘাতক কেন্দ্ৰ কৰি নুমলীগড়ৰ বায়'ৰিফাইনেৰীত প্ৰতিবাদ। প্ৰতিবাদী শ্ৰমিকসকলে বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।
উল্লেখ্য যে বায়' ৰিফাইনেৰীত কৰ্মৰত তিনিজনকৈ নিৰ্মাণ শ্ৰমিক দুৰ্ঘটনাত আহত হৈছিল। আহত এই শ্ৰমিক কেইজনক ক্ষতি পূৰণ আদায় দিয়াৰ লগতে শ্ৰমিকসকলৰ বিভিন্ন সমস্যা আৰু প্ৰাপ্য অধিকাৰ দাবীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে।
প্ৰতিবাদী শ্ৰমিকসকলে দুৰ্ঘটনাত আহত প্ৰতিজন শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, অধিক উচ্চতাত কাম কৰা শ্ৰমিকক অতিৰিক্ত ভাট্টা প্ৰদান কৰা , দেওবৰীয়া বন্ধ মজুৰি প্ৰদান কৰা, স্বাস্থ্য বীমাকৰণৰ ব্যৱস্থা কৰা আদিৰ দাবী উত্থাপন কৰিছে।
এই দাবী সমূহ শীঘ্ৰেই পূৰণ নকৰিলে আগন্তক দিনত শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ৷ শ্ৰমিক সংগঠনটোৱে বায়’ ৰিফাইনেৰী কৰ্তৃপক্ষলৈ দাবী সম্বলিত এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷
ক্লিক কৰি পঢ়কঃ ভোৰতাল নৃত্যক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা নগাঁৱৰ যুৱকৰ