ভোৰতাল নৃত্যক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা নগাঁৱৰ যুৱকৰ

ভোৰতাল নৃত্যক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা নগাঁৱৰ যুৱকৰ
ভোৰতাল নৃত্যক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা নগাঁৱৰ যুৱকৰ

ডিজিটেল সংবাদ নগাঁও: অসমৰ লোকনৃত্য,"ভোৰতাল নৃত্য"ক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা নগাঁৱৰ এগৰাকী যুৱশিল্পীৰ সাফল্য। অসমক প্ৰতিনিধিত্ব কৰি বৰ্তমানলৈকে মেজিক বুক অৱ ৰেকৰ্ডছৰ দৰে অন্যান্য কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে নগাঁৱলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা নগঞা শিল্পীৰ পুনৰ সফলতা।

কিছুদিন পূৰ্বে কৃষ্ণপ্ৰিয়া মহোৎসৱ "ৰাস বেনাৰস"ত ভোৰতাল নৃত্য প্ৰদৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় "শ্ৰেষ্ঠ ভৰত সন্মান" আৰু আন্তঃৰাষ্ট্ৰীয় "শ্ৰেষ্ঠ শেলুষ সন্মান" বুটলিবলৈ সক্ষম হোৱা নগাঁৱৰ দক্ষিণপাটৰ যুৱক পাৰ্থ প্ৰতিম দাসে অলপতে উৰিষ্যাৰ এটি সংগঠন ৰিডমিক কাল্‌চাৰেল চেণ্টাৰে (Rhythm Cultural Center) আয়োজন কৰা গ্ল'বেল কাল্‌চাৰেল কণ্টেষ্ট, ২০২২ (Global culturalcontest 2022)ত অসমক প্ৰতিনিধিত্ব কৰি অসমৰে লোকনৃত্য, "ভোৰতাল নৃত্য"ৰ জৰিয়তে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।

স্মৰ্তব্য যে সংগঠনটিয়ে নৃত্য,গীত,চিত্ৰাংকন আদিৰ লগতে কেইবাটাও বিষয়ত প্ৰতিযোগিতাখনি অনলাইন যোগে আয়োজন কৰিছিল। উল্লেখ্য যে, পাৰ্থপ্ৰতিম দাসে ভোৰতাল নৃত্যটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। তেওঁ বৰ্তমান বোকাখাতৰ বিহৰা চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক ৰূপে কৰ্মৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in