আপৰ বাবেই কংগ্ৰেছ ডুবিল গুজৰাটত !

আপৰ বাবেই কংগ্ৰেছ ডুবিল গুজৰাটত !
আপৰ বাবেই কংগ্ৰেছ ডুবিল গুজৰাটত !

ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনত বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিৰোধীক বিধ্বস্ত কৰিলে। নিজৰেই ৰেকৰ্ড নিজেই ভংগ কৰিলে। স্বাভাৱিকতে বিজেপিৰ বাবে এয়া গৌৰৱৰ কথা।

এই নিৰ্বাচনে কংগ্ৰেছক আৰু অধিক দুৰ্বল কৰিলে গুজৰাটত। কিন্তু গুজৰাটত অভিনৱ প্ৰচাৰেৰে চমক সৃষ্টি কৰা আপে কি পালে? নিৰ্বাচনী ভোট যুদ্ধ আৰু জয়, পৰাজয়ৰ সংখ্যাগত দিশটোলৈ চালে আপে ১৮২ খন আসনৰ বিপৰীতে মাত্ৰ ৫ খন আসন দখল কৰিছে।

কিন্তু কথা ইমানতেই শেষ হোৱা নাই। এই নিৰ্বাচনে আপক বহু কিবাকিবি দিলে। দিল্লীত ক্ষমতা দখলেৰে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ গতি কৰা আপে পঞ্জাৱ দখল কৰাৰ পিছতে গুজৰাট দখলৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল যদিও বিফল হ'ল।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে আপে প্ৰতিষ্ঠা লাভ কৰিলে। কেৱল সেয়াই নহয় গুজৰাটৰ ৫ খন বিধানসভা আসন দখলৰ কৰাৰ বিপৰীতে ৪০ টাকৈ সমষ্টিত নিজৰ অস্তিত্ব সৱল কৰি তুলিলে।

পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে ২০১৭ ত আপে গুজৰাটত নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিছিল মাত্ৰ ০.৬২ শতাংশ আসন। ৫ বছৰ পিছত সেই আপৰ ভোটৰ সংখ্যা বৃদ্ধি পালে ১২.৯ শতাংশলৈ।

আনহাতে ৩৫ টা সমষ্টিত আপে দ্বিতীয় স্থান অধিকাৰ কৰিলে। সেই ফালৰ পৰা গুজৰাটত এই মুহূৰ্তত ৪০ টা সমষ্টিত আছে আপৰ আধিপত্য।

পঞ্জাৱ দখলৰ পূৰ্বে আপে পঞ্জাৱত ২০১৭ ৰ নিৰ্বাচনত লাভ কৰিছিল মাত্ৰ ২০ খন আসন। আনহাতে ২৭ খন আসনত আপ আছিল দ্বিতীয় স্থানত। পৰৱৰ্তী নিৰ্বাচনত অৰ্থাত ২০২২ ত আপে ১১৭ খন আসনৰ ভিতৰত ৯২ আসনেই দখল কৰি পঞ্জাৱ নিজৰ অধীনলৈ আনে।

ইফালে গুজৰাট নিৰ্বাচনত যদি কোনোবাই কিবা হেৰুৱালে তেনে সেয়া হৈছে একমাত্ৰ কংগ্ৰেছ। কংগ্ৰেছে ২০১৭ ত গুজৰাটৰ ৪২.৯৭ শতাংশ ভোট লাভ কৰিছিল। সেই সংখ্যা ২০২২ ত হ্ৰাস পাইছে ২৭ শতাংশলৈ।

কংগ্ৰেছে যি ভোট হেৰুৱালে সেই আটাইবোৰ ভোট গ'ল আপৰ পকেটলৈ। ২০১৭ চনত আপে গুজৰাটত লাভ কৰিছিল মাত্ৰ ২৯ হাজাৰ ভোট। সেই আপেই এইবাৰ লাভ কৰিলে ৪০ লাখতকৈও অধিক ভোট।

মন কৰিবলগীয়া যে যিকোনো এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিবৰ বাবে নিৰ্বাচন আয়োগে কিছু চৰ্ত আৰোপ কৰিছে। সেই চৰ্ত অনুসৰি যিকোনো এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মৰ্যাদা লাভ কৰিবলৈ প্ৰয়োজন হয় ৪ খন ৰাজ্যত লোকসভা বা বিধানসভা নিৰ্বাচনত ৬ শতাংশতকৈ অধিক ভোট লাভ কৰিব লাগিব।

আপে ইতিমধ্যে দিল্লী আৰু পঞ্জাৱত ক্ষমতা দখল কৰাৰ লগতে গোৱাতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আনহাতে গুজৰাটত প্ৰায় ১৩ শতাংশ ভোট লাভ কৰাৰ লগে লগে আপ হৈ পৰিল ৰাষ্ট্ৰীয় ৰাজনৈতিক দল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in