শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা অসমত ! কোনে আৰু কিয় প্ৰচাৰ কৰিছে এই খবৰ...

শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা অসমত ! কোনে আৰু কিয় প্ৰচাৰ কৰিছে এই খবৰ
শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা অসমত ! কোনে আৰু কিয় প্ৰচাৰ কৰিছে এই খবৰ

ডিজিটেল ডেস্ক : শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। শ্ৰদ্ধাৰ প্ৰেমিক আফটাব আমিনে শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰি কাটি পেলাইছিল শ্ৰদ্ধাৰ মৃতদেহ। তেনে অনুৰূপ ঘটনা পুনৰ সংঘটিত হৈছিল উত্তৰ প্ৰদেশ আৰু দিল্লীত।

দিল্লীৰ পাণ্ডৱ নগৰত সংঘটিত হোৱা আন এক হত্যাকাণ্ডত পত্নী-পুত্ৰই নিজ স্বামীক হত্য়া কৰি কাটি টুকুৰা টুকুৰ কৰি শৰীৰৰ অংশ ভৰাই থৈছিল ফ্ৰীজত। ইফালে উত্তৰ প্ৰদেশত ১৯ বৰ্ষীয় এগৰাকী মহিলাকৰ আন পুৰুষৰ সৈতে বিয়া হোৱাৰ বাবেই স্বামী আৰু ভাতৃয়ে মিলি হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰি মৃতদেহৰ টুকুৰা পেলাইদিছিল পুখুৰী আৰু কুঁৱাত।

দিল্লী আৰু উত্তৰ প্ৰদেশৰ পিছত তেনে এক ঘটনা অসমতো সংঘটিত হোৱা বুলি সামাজিক মাধ্যমত প্ৰকাশ পাইছে। প্ৰেমিকৰ সৈতে একেলগে বাস কৰা অসমৰ কাজল নামৰ এগৰাকী যুৱতীক প্ৰেমিক গফ্ফাৰে প্ৰথমে ৭ জন যুৱকৰ দ্বাৰা ধৰ্ষণ কৰোৱাই জীয়াই জীয়াই ফ্ৰীজত ভৰাই থোৱা বুলি প্ৰচাৰ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। কাজল নামৰ এই যুৱতীগৰাকীক ঘন্টা ঘন্টা ধৰি ফ্ৰীজত ভৰাই থোৱাৰ মৃত্যু হোৱা বুলিও খবৰ প্ৰকাশ পাইছে।

ছ'চিয়েল মিডিয়াত এই খবৰে তোলপাৰ লগোৱাৰ সময়তে এই ঘটনাৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভাইৰেল হৈ পৰা এই হত্যাকাণ্ডৰ কোনো খবৰ অসমৰ সংবাদ মাধ্যমত প্ৰকাশ নোপোৱাৰ লগতে তেনে হত্যাকাণ্ডৰ কোনো খবৰ নাই।

এই হত্যাকাণ্ডৰ বাতৰি সম্পূৰ্ণ ভুৱা। সামাজিক শান্তি বিঘ্নিত কৰিবলৈ আৰু কু-অভিপ্ৰায় চৰিতাৰ্থ কৰিবলৈকে যে একাংশ অসাধু চক্ৰই এই খবৰ বিয়পাই দিছে। এই ভুৱা হত্যাকাণ্ডৰ খবৰৰ নাম যিকেইখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই কেইখন ফটো ২০১০ চনৰ এটা পৰ্তুগীজ ব্লগৰ।

অসৎ উদ্দেশ্যৰে এই ফটোকেইখন ভাইৰেল কৰা হৈছে। এতিয়া প্ৰশ্ন হয়, কোনে এই ফটোকেইখন ভাইৰেল কৰিছে আৰু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি? যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত এই ঘটনাৰ কথা প্ৰচাৰ চলোৱা হৈছে গতিকে ইয়াৰ আঁৰত অসমক বদনাম কৰাৰো কু-অভিপ্ৰায় আছেনেকি এই দুষ্ট চক্ৰটোৰ? এই সন্দৰ্ভত অসম আৰক্ষী তথা সংশ্লিষ্ট কৰ্তৃপক্ষই বিহিত ব্যৱস্থা কৰিবনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in