ডিজিটেল সংবাদ, চিৰাং: সোমবাৰে দুপৰীয়াৰ ভাগত চিৰাং জিলাৰ চিদলী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাবালিকা ছাত্ৰীক নিৰ্যাতন চলোৱা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আৰক্ষী বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি কেইবা শতাধিক মহিলাই সমদল কৰি আহি চিদলী আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ৰক্ষক হৈ ভক্ষকৰ ভূমিকা গ্ৰহণ কৰা এজন গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ বিৰুদ্ধে চিদলী থানা এলেকাৰ দুগৰাকীকৈ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি চিদলীত থানাত লিখিত অভিযোগ দাখিল কৰিছিল। অভিযোগ দাখিল কৰাৰ ৪৮ ঘণ্টাৰ পিছতো চিদলী থানাৰ আৰক্ষীয়ে অভিযুক্ত গাঁওৰক্ষী বাহিনীৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সোমবাৰে কেইবাটাও কোচ-ৰাজবংশী জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত কোচ-ৰাজবংশী মহিলা সমিতিয়ে চিদলী আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষীৰ থানাৰ সন্মুখতে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ আন্দোলনকাৰী মহিলাসকলে নাৰী নিৰ্যাতনকাৰী অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম আৰক্ষী হায় হায়, অভিযুক্ত জহিৰউদ্দিন দেৱানক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, নাৰী নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়ক, অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আমি ক্ষান্ত নহও আদি শ্লোগানেৰে চিদলী থানাৰ চৌহদ উত্তাল কৰি ৰাখে ।
উল্লেখ্য যে যোৱা ২০ আগষ্ট তাৰিখে চিদলী এলেকাৰ দুগৰাকী কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাবালিকা ছাত্ৰীক বহিঃৰাজ্যত কৰ্মসংস্থান দিয়াৰ নামত ফুচুলাই নি মোজাবাৰীৰ এক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যৌন নিৰ্যাতন চলাইছিল মোজাবাৰী গাঁৱৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰদ্দিন দেৱানে। ৰক্ষক হৈ ভক্ষকৰ ভুমিকা গ্ৰহণ কৰা জহিৰউদ্দিন দেৱানৰ এক কুকাণ্ড তথ্য ফাদিল হোৱাৰ পিছত ২৩ আগষ্ট ত ভুক্তভোগী পৰিয়ালে চিদলী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰে। ভুক্তভোগী পৰিয়াল দুটাই এজাহাৰ দাখিল কৰাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পিছতো চিদলী থানাৰ আৰক্ষীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দুই শতাধিক মহিলাই চিদলী সমূহীয়া কেন্দ্ৰৰ পৰা সমদল কৰি আহি চিদলী থানা ঘেৰাও কৰি আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বিৰুদ্ধে শ্লোগান দি তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ।
চিদলী থানাৰ আৰক্ষীয়ে ভিতৰৰ পৰা প্ৰৱেশদ্বাৰ বন্ধ কৰি দি প্ৰতিবাদকাৰী মহিলা আৰু ছাত্ৰ নেতা সকলৰ সৈতে আলোচনা কৰি প্ৰতিবাদী কাৰ্যসূচী উঠাই লৱলৈ অনুৰোধ জনায় কিন্তু প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ কোনো কথাত গুৰুত্বাৰোপ নকৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে। ইপিনে পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতেই কাজলগাঁৱৰ পৰা উচ্চ পদস্থ আৰক্ষী বিষয়া চিদলী থানাত আহি উপস্থিত হয় । আন্দোলনকাৰী মহিলা তথা ছাত্ৰ নেতা সকলক সৈমান কৰিবলৈ চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, উপ আৰক্ষী অধীক্ষক জীৱন দাস সহ আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ আন্দোলনকাৰী সকলৰ সৈতে আলোচনাত মিলিত হয় ।
অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিছু পলম হৈছে বুলি প্ৰকান্তৰে স্বীকাৰ কৰে যদিও অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু খুব সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । কিন্তু অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ কথা বিশ্বাসত লোৱাৰ পৰিবৰ্তে সমগ্ৰ বিষয়টো লৈ আৰক্ষী বিষয়াসকলক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে আন্দোলনকাৰী মহিলা তথা নেতা সকলে। প্ৰায় দুঘন্টা সময় থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত প্ৰতিবাদকাৰীসকলৰ ফালৰ পৰা আৰক্ষীক আৰু অতিৰিক্ত ২৪ ঘন্টা সময় বান্ধি দিয়া হয় । এই ২৪ ঘন্টাৰ ভিতৰত যদি আৰক্ষীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেনেহলে আগন্তুক সময়ত ৰাজপথ অৱৰোধ নাইবা চিৰাং জিলা বন্ধ কাৰ্যসূচী হাতত লোৱা হব বুলি সকিয়নী প্ৰদান কৰি থানা ঘেৰাও কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰে ।