ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা তথা জাতীয়তাবাদী চিন্তাধাৰাৰ ব্যক্তি মানস শৰণীয়াই অচিৰেই বি পি এফ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। অধিবক্তা শৰণীয়াক বি পি এফলৈ আদৰিবলৈ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰস্তুতি চলোৱা বুলি এক সুত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ।
সুত্ৰটোৱে জানিবলৈ দিয়ামতে অচিৰেই বি পি এফ দলে কোকৰাঝাৰ অথবা গোৰেশ্বৰত বিশাল গণসমাৱেশ অনুষ্ঠিত কৰি গোৰেশ্বৰৰ সু-সন্তান তথা অধিবক্তা শৰণীয়াক বি পি এফ দললৈ আদৰিব ৷ শৰণীয়াই যোগদান কৰাৰ পিচত আঞ্চলিক দলটো অধিক শক্তিশালী হৈ উঠিব বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে ।
গোৰেশ্বৰ অঞ্চলৰ বি পি এফৰ নেতা কৰ্মীয়েও অধিবক্তা শৰণীয়াক দলটোত যোগদান কৰোৱাত আপত্তি নাই বুলিও মুৰব্বীক অৱগত কৰিছে বুলিও সুত্ৰটোৱে প্ৰকাশ কৰিছে। শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া মানস শৰণীয়াক বি পি এফ দলত যোগদান কৰোৱাই আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিটো দখলৰ কুজ-কাৱাজ আৰম্ভ কৰাৰ সম্বৱনা আছে ৷
আনহাতে এন ডি এফৰ নেতা ৰঞ্জন দৈমাৰীৰ লগতে আন আন নেতা আৰু কেডাৰৰ গোচৰসমূহৰ হৈ আদালতত ওকালতি কৰি অহাৰ ফলত আৱেগিকভাবে বড়ো জনগোষ্ঠীৰ সৈতেও আছে এক আৱেগিক সম্পৰ্ক । আন ফালেদি কংগ্ৰেছ -বি পি এফৰ প্ৰাক্তন নেতা প্ৰয়াত কৈলাশ মজুমদাৰৰ (শৰণীয়াৰ) কনিষ্ঠ ভাতৃ অধিবক্তা শৰণীয়াৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ মাজতো আছে এক সুকীয়া পৰিচয় ৷