/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9d39f882-be95-46b9-b7df-714ce0e74242/iudid.jpg)
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এখন জুৱেলাৰী দোকানত হোৱা চুৰি কাণ্ডৰ ঘটনা ভাইৰেল হৈ পৰিছে।কেইমিনিট মানৰ ভিতৰতে এগৰাকী মহিলাই কেইবালাখ টকাৰ সোণ চুৰি কৰি লৈ যোৱাৰ অভিযোগ।
এই ঘটনাটো ১৭ নৱেম্বৰত কেণ্ট অঞ্চলৰ বলদেৱ প্লাজাৰ বেচু লাল সৰাফ প্ৰাইভেট লিমিটেডৰ শ্ব'ৰুমত সংঘটিত হৈছিল। মহিলা গৰাকীয়ে চুৰি কৰাৰ ঘটনা চিচিটিভিত আৱদ্ধ হৈ পৰিছে। ভিডিঅ'টো শ্ব'ৰুমত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল।
ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। ভাইৰেল হোৱা ভিডিঅটিত দেখিবলৈ পোৱা যায় যে, মাস্ক আৰু চশমা পিন্ধা এগৰাকী মহিলা দোকানলৈ আহে। মহিলা গৰাকীয়ে বহু গহনা চাই আৰু অতি চতুৰতাৰে শাৰীৰ ভিতৰত নেকলেচৰ এটা বাকচ ভৰাই লয়।
বহু ডিজাইন চোৱৰ পাছত মহিলা গৰাকীয়ে গহনা পচন্দ নোহোৱা বুলি দোকানৰ পৰা ওলাই আহে। তাৰ পাছতেই দোকানত গম পাই যে প্ৰায় ১০ লাখ টকাৰ গহনা চুৰি হৈছে। মহিলা গৰাকী সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।