চীনৰ 'শূণ্য কোভিড নীতি'ৰ বিৰুদ্ধে উত্তাল ৰাজপথ...

চীনৰ 'শূণ্য কোভিড নীতি'ৰ বিৰুদ্ধে উত্তাল ৰাজপথ...

ডিজিটেল ডেস্ক : গোলকীয়া স্বাস্থ্য সংকট কোভিড-১৯ৰ বাবে সমগ্ৰ বিশ্বই ইতিমধ্যেই ভুগিছিল দুবছৰীয়া লকডাউন । ইয়াৰ পাছত কোভিড কালীন পৰিস্থিতি সাম কটাৰ অন্ততহে ক্ৰমান্বয়ে সুস্থ হৈ অহা বিশ্বত পুনৰ দেখা গৈছে কোভিডৰ সংহাৰী ৰূপ । যাৰ বাবেই চীনৰ প্ৰশাসনে পুনৰ এবাৰ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হয় ।

দুৰ্ভাগ্যবশত: এই লকডাউনৰ মাজতেই চীনৰ জিয়াংচু প্ৰদেশৰ নানজিঙত সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত পলম হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱাত । এই ঘটনাৰ ভিডিঅ' বিভিন্ন ইন্টাৰনেট মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই পৰিলক্ষিত হয় দেশজোৰা বিক্ষোভৰ । প্ৰায় ৪০ লক্ষাধিক লোক বৰ্তমান লকডাউনৰ ফলত গৃহবন্দী হৈ থকা সময়তেই সংঘটিত অগ্নিকাণ্ডৰ দুৰ্যোগৰ পাছত চৰকাৰৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি ৰাজপথত হেজাৰ হেজাৰ লোক । চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙৰ পদত্যাগৰ দাবীৰে উত্তাল হৈ পৰে চীনৰ ৰাজপথ ।

উল্লেখ্য যে, চীনত প্ৰতিদিনেই প্ৰায় ৩০ হেজাৰতকৈও অধিক লোক আক্ৰান্ত হৈ আছে কোভিডত । যাৰ বাবে চৰকাৰে এই কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল । আনহাতে, এক সুদীৰ্ঘ কাল লকডাউনত থকাৰ ফলত অতিষ্ঠ হৈ পৰা জন সাধাৰণে এই প্ৰতিবাদৰ সুযোগতেই আহি ভিৰ কৰিছেহি চীনৰ ৰাজহুৱা স্থান সমূহ । যাৰ ফলত হয়তো পুনৰ ব্যাপক সংক্ৰমণ ঘটিব পাৰে দেশ খনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in