বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মহিলা...

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মৈনাগুৰীত মহিলাক আক্ৰমণ বনৰীয়া গাহৰিৰ

author-image
Asomiya Pratidin
New Update
বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মহিলা...

ডিজিটেল সংবাদ, চিৰাংঃ বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মহিলা। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মৈনাগুৰী ফৰেষ্ট তালাচী চকীৰ সমীপৰ থাইগিৰ সৌন্দৰ গাঁৱত বুধবাৰে পুৱা বনৰীয়াৰ গাহৰিৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত আহত হয় ।

Advertisment

আহত মহিলাগৰাকী বাইদী ব্ৰহ্ম (৩৫) বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত খবৰ অনুযায়ী পুৱাৰ ভাগত পথাৰত গৰু এৰাল দিবলৈ যোৱাৰ সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৱতম সংযোজন জঙ্ঘল পৰা ওলাই অহা প্ৰকাণ্ড আকাৰৰ বনৰীয়া গাহৰিয়ে মহিলাগৰাকীৰ অতৰ্কিতে আক্ৰমণ কৰি মাটিত বগৰাই দি উপৰ্যুপৰি আঘাত কৰিবলৈ আৰম্ভ কৰে । পিছত মহিলা গৰাকীৰ আৰ্তনাদ শুনি ওচৰ চুবুৰীয়াই লোক আগবাঢ়ি অহাত বনৰীয়া গাহৰিটো পুনৰ জঙ্ঘলৰ দিশে গুচি যায় ।

ইপিনে বনৰীয়া গাহৰিয়ে মানুহক আক্ৰমণ কৰাৰ খবৰ লাভ কৰি আমটেকা ফৰেষ্ট ৰেঞ্জাৰ জয়ন্ত দৈমাৰীৰ সৈতে এটা বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ জৰুৰীকালীন এম্বুলেন্স যোগে আহত মহিলা গৰাকীক চিকিৎসাৰ বাবে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও মহিলা গৰাকীৰ শাৰীৰিক অবস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বঙাইগাঁৱলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে ।

শেহতীয়া খবৰ অনুসৰি আহত মহিলা গৰাকীৰ অস্ত্ৰপ্ৰচাৰ সম্পন্ন হোৱাৰ পিছত এতিয়া বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

আৰু পঢ়কঃ ঘিলামৰাত জে এছ বি সোঁৱৰণী অসম ক্লাব  চেম্পিয়নশ্বিপ ফুটবলৰ প্ৰস্তুতি...

assam chirang