/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e7a8129e-1e2b-4391-8f45-0fab97610b56/ghilamara.jpg)
ঘিলামৰাত ফুটবলৰ প্ৰস্তুতি
ডিজিটেল সংবাদ, ঢকুৱাখনাঃঅসম ফুটবল সন্থাৰ পৃষ্ঠপোষকতাত ২৪ সংখ্যক জে এছ বি সোঁৱৰণী অসম ক্লাব চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতাখন ঘিলামৰাত অনুষ্ঠিত কৰা হ'ব। ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ঘিলামৰা ক্ৰীড়া সন্থাৰ সহযোগত ঘিলামৰাত অহা ১৭ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা।
অসম ফুটবল সন্থাৰ তদাৰকীত ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিতব্য এই জও হাও লাও চম্বা বসুমতাৰী (জে এছ বি) সোঁৱৰণী আন্তঃ ক্লাব ফুটবলৰ প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে এক সংবাদমেল যোগে অভ্যৰ্থনা সমিতিয়ে অৱগত কৰে। ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি সম্বোধন কৰে ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱা,প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মঞ্জু বৰগোঁহাই,সম্পাদক বিদ্যুৎ কুমাৰ দত্ত ,ৰবীন্দ্ৰ বৰুৱা আদিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/95a1b197-7ce5-4f44-95e9-6b7eb16d7e09/589ee722_fce6_4a74_99d5_35fc96881a16.jpg)
আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ১৭ ডিচেম্বৰৰ বিয়লি ১২-৩০ বজাত প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ৰাজ্যৰ ২৯ খন জিলাৰ আগশাৰীৰ ২৯ টা ক্লাৱৰ ৮০০ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ক্ৰীড়া সন্থাই কৃষ্টি ভৱন প্ৰাংগণত এখন "গেম ভিলেইজ" প্ৰস্তুত কৰি মহকুমাবাসী ক্ৰীড়া প্ৰেমী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰে।
আৰু পঢ়কঃ সাম্প্ৰদায়িক মন্তব্য কৰা আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us